Wednesday , June 19 2019
Home / আঞ্চলিক / পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ধলাৰ জঘন্য গণহত্যাৰ বুজ ল’বলৈ আজি অসমলৈ আহিছে বংগৰ তৃণমূল কংগ্ৰেছৰ এটা চাৰিজনীয়া প্ৰতিনিধিৰ দল

পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ধলাৰ জঘন্য গণহত্যাৰ বুজ ল’বলৈ আজি অসমলৈ আহিছে বংগৰ তৃণমূল কংগ্ৰেছৰ এটা চাৰিজনীয়া প্ৰতিনিধিৰ দল

 

ষ্টাফৰিপৰ্টাৰ: পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ধলাৰ জঘন্য গণহত্যাৰ বুজ ল’বলৈ আজি অসমলৈ আহিছে বংগৰ তৃণমূল কংগ্ৰেছৰ এটা চাৰিজনীয়া প্ৰতিনিধিৰ দল।
খেৰবাৰী নৰসংহাৰত নিহতৰ পৰিয়ালৰ খবৰ ল’ব দলটোৱে। বিমানযোগে ডিব্ৰুগড়ত উপস্থিত হোৱা টি এম চি ৰ দলটোৰ নেতৃত্বত আছে সাংসদ ডেৰিক অ’বব্ৰেইন। এন আৰ চিক লৈ পূৰ্বেও অসমলৈ আহি শিলচৰ বিমান বন্দৰত চূড়ান্ত অসভ্যালি কৰা সাংসদ মহুৱা মৈত্ৰাৰ লগতে আহিছে মমতা বালা ঠাকুৰ, নাজিমুল হক। কূটিল ৰাজনীতিৰে অসমৰ স্বয়ম্ভূ অভিভাৱক হ’বলৈ বিচৰা মমতা বেনাৰ্জীয়ে বাৰে বাৰে অসমলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰি অসমক অশান্ত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ জাতীয় দল-সংগঠনৰ। অসমত ভাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিব পৰা যিকোনো কাৰ্যৰ পৰা বিৰত থাকিবলৈ মমতা বাহিনীক কঠোৰ সকীয়নি অসমৰ জাতীয় দল-সংগঠনসমূহৰ। আনহাতে জঘন্য খেৰবাৰী নৰসংহাৰৰ বুজ ল’বলৈ অসমলৈ অহা পশ্চিমবংগৰ টি এম চিৰ প্ৰতিনিধি দলটো ডিব্ৰুগড় বিমান বন্দৰৰ পৰা ৰাওনা হ’ব ধলালৈ। ধলা ছৈখোৱাৰ খেৰবাৰীত উপস্থিত হৈ নিহতৰ পৰিয়ালক সাক্ষাৎ কৰিব মমতা বাহিনীয়ে।

About Staff Reporter

চাব পাৰে

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ 

ৰঙিয়াত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ নাৰ্ছিংহোমৰ আই চি ইউত মৃত্যুৰে যুঁজিছে ৰঙিয়াৰ যুৱকে উত্তৰ কামৰূপ, ১৮ …

Leave a Reply

Your email address will not be published. Required fields are marked *