Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / পশ্চিম চামতা হাইস্কুলক নলবাৰী জিলাৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ বঁটা

পশ্চিম চামতা হাইস্কুলক নলবাৰী জিলাৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ বঁটা

*পশ্চিম চামতা হাইস্কুলক নলবাৰী জিলাৰ শ্ৰেষ্ঠ শিক্ষানুষ্ঠানৰ বঁটা*

*ৰূপক বৈশ্য, ফাৰ্ষ্ট নিউজ ৰিপোৰ্ট, নলবাৰী, ৩১ জানুৱাৰী*

পশ্চিম নলবাৰী অঞ্চলৰ পশ্চিম চামতা হাইস্কুলে একেৰাহে তৃতীয় বছৰৰ বাবে জিলা প্ৰশাসনৰ নলবাৰী জিলাৰ শ্ৰেষ্ঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বঁটা লাভ কৰাত শিক্ষানুষ্ঠানখনৰ লগতে চামতা অঞ্চলত আনন্দৰ সৃষ্টি হৈছে ৷ নলবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ৭১ সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক ভগৱান বৰ্মনক ২০২০ বৰ্ষৰ নলবাৰী জিলাৰ শ্ৰেষ্ঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বঁটা প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে শিক্ষানুষ্ঠানখনে ২০১৮ আৰু ২০১৯ বৰ্ষতো জিলাখনৰ শ্ৰেষ্ঠ হাইস্কুলৰ বঁটা অৰ্জন কৰিছিল ৷ আনহাতে, বিদ্যালয়খনে ২০১৮ আৰু ২০১৯ বৰ্ষত ৰাজ্য চৰকাৰৰ পৰা অসমৰ উচ্চ পৰ্যায়ৰ বিদ্যালয়ৰ স্বীকৃতি লাভ কৰি জিলাখনলৈ বিশেষ সুনাম কঢ়িয়াই আনে আৰু গুৱাহাটীত পাঁচ ছেপ্টম্বৰৰ শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত প্ৰধান শিক্ষক ভগৱান বৰ্মনক এই বঁটা প্ৰদান কৰা হয় ৷ ইফালে, ২০১৭ বৰ্ষত নলবাৰীৰ গ্ৰাম্য বিকাশ মঞ্চৰ জড়িয়তে মুম্বাইৰ টাটা ট্ৰাষ্টৰ আই টি ই প্ৰকল্পত অংশ লৈ নগদ ধনসহ বঁটা লাভ কৰে ৷ ১৯৬৫ বৰ্ষত স্থাপিত তথা ১৯৭৮ বৰ্ষত প্ৰাদেশীকৃত হোৱা বিদ্যালয়খনে বিগত প্ৰায় কে’বাবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰ কৃতিত্ব অৰ্জন কৰাৰ লগতে ফলাফলত যথেষ্ট ভাল প্ৰদৰ্শন কৰি আহিছে ৷

প্ৰেৰকঃ ৰূপক বৈশ্য, নলবাৰী

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *