Tuesday , November 12 2019
শেহতীয়া খবৰ
Home / Fashion / পহিলা জুলাইত ফিয়ামা নৰ্থ ইষ্ট ভিভা 2018ৰ চুড়ান্ত প্ৰতিযোগিতা

পহিলা জুলাইত ফিয়ামা নৰ্থ ইষ্ট ভিভা 2018ৰ চুড়ান্ত প্ৰতিযোগিতা

 

https://myshopprime.com/collections/26188956

জুলাইত ফিয়ামা নৰ্থ ইষ্ট ভিভা 2018ৰ চুড়ান্ত প্ৰতিযোগিতা

গুৱাহাটীৰ প্ৰতিবেদক।।।,,,19 জুন ,, প্ৰাইড ইষ্ট ইন্টাৰটেইণ্টমেনছ প্ৰাইভেট লিমিটেডৰ উদ্যোগত চতুৰ্থ বৰ্ষৰ বাবে ফিয়ামা নৰ্থ ইষ্ট ডিভা 2018 অনুষ্ঠিত হ’ব। উত্তৰ -পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ সৌন্দৰ্য আৰু মেধাৰ উৎকৰ্ষৰ বাবে অন্যতম মঞ্চ দিয়া ফিয়ামা নৰ্থ ইষ্ট ডিভা 2018 চূড়ান্ত প্ৰতিযোগিতাখন পহিলা জুলাইত মহানগৰীৰ ভিভান্তাত অনুষ্ঠিত হ’ব। মঙলবাৰে প্ৰাইড-ইষ্ট এন্টাৰটেইণ্টমেনছৰ উদ্যোগত মহানগৰীৰ হোটেল ভিভান্তাত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে প্ৰাইড-ইষ্ট এন্টাৰটেন্টমেনছ প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক (চি .এম ডি) ৰিণীকী ভূঞা শৰ্মাই। তেওঁ কয়-মডেলিঙক যাতে যুৱতী সকলে বিশেষকৈ উত্তৰ- পূৰ্বাঞ্চলৰ যুৱতীসকলে কেৰিয়াৰ হিচাপে লব পাৰে তাৰ বাবে আমি এখন মঞ্চৰ সুবিধা কৰি দিছো। উত্তৰ -পূৰ্বাঞ্চলৰ যুৱতী সকল সুন্দৰ হোৱাৰ লগতে প্ৰতিভা সম্পন্ন। এই প্ৰতিযোগিতাৰ জৰিয়তে ফেমিনা মিছ ইণ্ডিযাৰ 20 গৰাকীৰ ভিতৰত পোনপটীয়াকৈ যোগদানৰ সুবিধা পাব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীৰ মাজৰে পৰা মিছ ইউনিভাৰ্ছলৈ যাব পৰা যোগ্যতা আছে। এইবাৰ এই প্ৰতিযোগিতাৰ অডিচন 24 আৰু 25 জুনত হোটেল তাজ ভিৱান্টাত অনুষ্ঠিত হব। যত আছে 600 গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিব। উত্তৰ-পূৰ্বাঞ্চলৰ আঠ খন ৰাজ্যৰ যুৱ প্ৰতিভাক উৎসাহ অনুপ্ৰেৰণা যোগোৱাই হ’ল নৰ্থ ইষ্ট ডিভাৰ মূল উদ্দেশ্য। এইবাৰো নর্থ ইষ্ট ভিভাৰ বিজয়ী প্ৰতিযোগী সকলে মিছ ইণ্ডিয়াৰ অন্তর্গত য়ামাহা ফেমিনা মিছ ডিভাৰ প্ৰথম 20 গৰাকী প্ৰতিযোগীৰ সৈতে পোনপটীয়াকৈ প্ৰতিদ্বন্দিতা কৰাৰ বিৰল সুযোগ লাভ কৰিব। য’ত বিজয়ী প্ৰতিযোগীসকলক প্ৰশিক্ষণ আগবঢ়াব দেশৰ বিখ্যাত ফেশ্বন পতিয়সী তথা ৰেম্পৱাক প্ৰশিক্ষক অঞ্জলি ৰাৱাটে । প্ৰতিবছৰৰ দৰে এইবাৰো নৰ্থ ইষ্ট ভিভা পৰিচালনা কৰিব ছাই কালৰাই। তদুপৰি গ্ৰেণ্ড ফিনালে অনুষ্ঠান পৰিচালনা কৰিব চেলিব্ৰেটি এংকৰ শচীন কুম্ভৰে । ফিয়ামা নর্থ ইষ্ট ডিভাৰ প্ৰথম আৰু দ্বিতীয় বিজয়ী প্ৰতিযোগীয়ে মুম্বাইত হবলগীয়া য়ামাহা ফেশ্বন মিছ ডিভা 2018 ত উত্তৰ পূৱৰ পৰা পোনপটীয়াকৈ অংশগ্ৰহণৰ সুবিধা লাভ কৰিব। তদুপৰি উত্তৰ পূৱৰ ফেশ্বন উদ্যোগতো পৰম্পৰাগত বস্ত্ৰ সম্ভাৰ আৰু সাংস্কৃতিক মনোৰঞ্জন প্ৰতিযোগিতা সমূহ আকৰ্ষণীয় কৈ প্ৰচাৰ কৰি আহিছে নৰ্থ ইষ্ট ডিভাই। নর্থ ইষ্ট ডিভাৰ জৰিয়তে এইবাৰ অৰুণাচল প্ৰদেশৰ বিক্ষিষ্ট ডিজাইনাৰ য়ানা এনগবা চাকপুৱে বিখ্যাত মুগাৰ বিশেষ প্ৰদৰ্শনী প্ৰদৰ্শন কৰিব। সংবাদমেলত বিগত বৰ্ষৰ নৰ্থ ইষ্ট ডিভাৰ বিজয়ী পেডেন অংগমু নামগিয়েলে য়ামাহা ফেমিনা মিছ ডিভা প্ৰতিযোগিতাত প্ৰথম ৰাণাৰ আপ হৈ পোলেণ্ডত অনুষ্ঠিত মিছ ‘ ছুপ্ৰানেশ্যনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত নৰ্থ ইষ্ট ডিভাৰ গৰিমা উদ্ভাসিত কৰিবলৈ সক্ষম হয়। সংবাদমেলত বিগত বৰ্ষৰ নৰ্থ ইষ্ট ডিভাৰ বিজয়ী পেডেন অংগমু নামগিয়েলে জ্যেষ্ঠ সাংবাদিক চৈয়দ জাৰিৰ হুছেইনক বক্তব্য আগবঢ়াই।

About Staff Reporter

চাব পাৰে

দিল্লীলৈ গোপনে নিয়া হ’ল ইউ এন এল এফ ৰ অধ্যক্ষ ৰাজকুমাৰ মেঘেনক

  ষ্টাফৰিপৰ্টাৰ, ১২ নৱেম্বৰ : দিল্লীলৈ গোপনে নিয়া হ’ল ইউ এন এল এফ ৰ অধ্যক্ষ …

Leave a Reply

Your email address will not be published. Required fields are marked *