Thursday , December 12 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / পাঠশালাত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী জোঁৰ সমদল

পাঠশালাত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী জোঁৰ সমদল

পাঠশালাত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী জোঁৰ সমদল

সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ২০ নৱেম্বৰ: জাতিধ্বংসী নাগৰিকক্ত সংশোধনী বিলৰ বিৰোধিতা কৰি আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি এক প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। পাঠশালাতো আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পাঠশালা আঞ্চলিক সমিতিয়ে চৌখুটী শাখা সমিতিৰ সহযোগত এক প্ৰতিবাদী জোঁৰ সমদল উলিয়াই। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বজালী জিলা সমিতিৰ সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাসৰ লগতে বহুতো যুৱ-ছাত্ৰ নেতাৰ উপস্থিতিত বিজেপি চৰকাৰ মূৰ্দাবাদ, নাগৰিক্ত সংশোধনী বিল ২০১৬ বাতিল কৰক ধ্বনিৰে আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰে উক্ত আঞ্চলিক সমিতিয়ে।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *