Friday , May 24 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / পিতৃ মৃত্যুৰ চিতাগ্নিৰ উত্তাপৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষা

পিতৃ মৃত্যুৰ চিতাগ্নিৰ উত্তাপৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষা

#পিতৃ মৃত্যুৰ চিতাগ্নিৰ উত্তাপৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষা৷
#জামুগুৰিহাটৰ পীয়ুষ পৰাশৰে লাভ কৰিলে ৯৪ শতাংশ৷
জামুগুৰিহাটৰ পৰা জোন বৰা,১৫ মে’: পিতৃ মৃত্যুৰ চিতাগ্নিৰ উত্তাপৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৯৪% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয় জামুগুৰিহাটৰ এজন মেধাৱী ছাত্ৰ৷হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাকমূহুৰ্ততে চিকিৎসালয়ৰ বিচনাত জীৱণ মৃত্যুৰে যুজিছিল পিতৃয়ে আৰু পিতৃৰ আৰোগ্য কামনাৰে পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল ছাত্ৰ তথা একমাত্ৰ পুত্ৰগৰাকীয়ে আৰু হঠাৎ পৰীক্ষাৰ মাজতেই পিতৃৰ অকাল মৃত্যুৱে মৰ্মাহত কৰি তুলিছিল ছাত্ৰগৰাকীক৷শিক্ষা জীৱনৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষা ৰূপে বিবেচিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ছোৱাতে পিতৃৰ এইদৰে অকাল বিয়োগৰ বাবেই ৰীতি অনুসৰিয়েই শুভ্ৰ সাজ পৰিধান কৰি ধৈৰ্য্যসহকাৰে পৰীক্ষা কক্ষত উপস্থিত হৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ছাত্ৰগৰাকী৷জামুগুৰিহাটৰ এইগৰাকী ছাত্ৰৰ নাম পিয়ূষ পৰাশৰ৷এফালে দুচকুত ভাহি থকা পিতৃৰ চিতা জুই আৰু আনফালে চকুলোৰে বাট নেদেখা হোৱা মাতৃৰ কান্দোনত যেন সৰগ ভাগি পৰিছিল পিয়ুষৰ মনত৷ কিন্তু প্ৰয়াত পিতৃৰ সমানে স্বামীৰ বিয়োগত হিয়া ঢাকুৰি কন্দা মাতৃ তথা পৰিয়াল বৰ্গৰ সপোনক বাস্তৱ কৰাৰ লক্ষ্যৰে ধৈয্য,সাহস আৰু একাগ্ৰতাৰ সমান্তৰালকৈ মেধা সম্পন্নতাৰ পৰিচয় দি শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নন্দিকেশ্বৰ নিৱাসী প্ৰয়াত দ্বীপ বৰুৱা আৰু মনীশা বৰুৱাৰ একমাত্ৰ পুত্ৰ পিয়ুষে আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪% শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গৌৰৱ৷জামুগুৰিহাটস্থিত নদুৱাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ পিয়ুষে এইবেলি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সাধাৰণ গণিতত ১০০,ঐচ্ছিক গণিতত ১০০,সমাজ বিজ্ঞানত ৯৬,অসমীয়াত ৮৭, ইংৰাজীত ৯০ আৰু সাধাৰণ বিজ্ঞানত ৯১ নম্বৰৰে আটাই কেইটা বিষয়তে লেটাৰ সহ মুঠ ৫৬৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে,পৰীক্ষাৰ সময়ছোৱাতে পিতৃৰ অসুস্থতাত পিয়ূষৰ মাতৃ মনিষা বৰুৱাই স্বামীৰ সৈতে চিকিৎসালয়ত থকাৰ সময়ছোৱাতো পিয়ূষৰ বৃদ্ধা আইতাক ৰাধিকা বৰুৱা , বৰদেউতাক অনিল শৰ্মা বৰুৱা আৰু খুড়াক গিৰীশ বৰুৱাই যেন কোনো সময়তে পিতৃ আৰু মাতৃৰ অনুপস্থিতিৰ অনুভৱ হবলৈ দিয়া নাছিল পিয়ূষক৷ছাত্ৰ জনৰ জীৱনলৈ হঠাতে নামি অহা এই দুৰ্যোগৰ সময়ছোৱাতো পৰিয়ালৰ লোকৰ সম্পূৰ্ণ তত্বাৱধানত সাহস,ধৈৰ্য্য আৰু একাগ্ৰতাৰে আজি সুনাম কঢ়িয়াই অনা পিয়ূষে বিজ্ঞান শাখাত অধ্যয়ন কৰিবলৈ ইচ্ছুক বুলিও জানিবলৈ দিয়ে৷
জোন বৰা,জামুগুৰিহাট৷

About Staff Reporter

চাব পাৰে

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি : গোলাঘাট, ২৩ মে’ : ইতিমধ্যে গোলাঘাট সমষ্টিত …

Leave a Reply

Your email address will not be published. Required fields are marked *