Thursday , December 12 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / পুনৰ বহি:ৰাজ্যত মৃত্যু জামুগুৰিহাটৰ যুৱক

পুনৰ বহি:ৰাজ্যত মৃত্যু জামুগুৰিহাটৰ যুৱক


#ৰেল লাইনত উদ্ধাৰ মৃতদেহ
জামুগুৰিহাটৰ পৰা জোন বৰা,৩০মাৰ্চ:কৰ্ম সংস্থাপনৰ পথ বিচাৰি বহি:ৰাজ্যলৈ যোৱা অসমৰ বহু যুবক-যুৱতী সেই ৰাজ্যসমূহত কোনো দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হৈ মৃত্যু হোৱাৰ বাতৰি বৃদ্ধি পাই অহাৰ সময়তে পুনৰ বহি:ৰাজ্যত জামুগুৰিহাটৰ এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ খৱৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘৰৰ দৰিদ্ৰ পৰিয়ালটোক আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ উদ্দেশ্যে সুদূৰ অন্ধপ্ৰদেশত ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি কৰিবলৈ গৈ মৃত্যু হোৱা জামুগুৰিহাটৰ পানপুৰ চেঙেলীমৰাৰ যুৱক জনৰ নাম হ’ল ৰাজু দাস(২১)।১৫দিন পূৰ্বে অন্ধ্ৰ প্ৰদেশলৈ কৰ্ম সংস্থাপনৰ পথ বিচাৰি যোৱা ৰাজুৰ মৃতদেহ আজি ৰাজ্যখনৰ পৰমানন্দ জিলাৰ ৰেললাইনত উদ্ধাৰ হয়।যুৱক জনৰ পেন্টৰ পকেটত লাভ কৰা পৰিচয় প্ৰত্রৰ পৰা যুৱক জনৰ পৰিচয় লাভ কৰাৰ পিছত অন্ধ্ৰ প্ৰদেশৰ আৰক্ষীয়ে জামুগুৰি আৰক্ষীৰ লগত যোগাযোগ কৰে আৰু ইয়াৰ পাছতেই জামুগুৰি আৰক্ষীয়ে পানপুৰ চেঙেলীমৰাত থকা ৰাজুৰ পৰিয়ালক ৰাজুৰ মৃত্যুৰ
বাতৰিটো দিয়ে।ৰাজুৰ মৃত্যুৰ
বাতৰি লাভ কৰাৰ লগে লগে গাঁও খনত এক শোকাকুল পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয়।পিতৃ ভদী দাসে মাছৰ ব্যৱসায় কৰি কৰি কোনোমতে নিজ পৰিয়ালটো পোহপাল দি থকাৰ পিছত দৰিদ্ৰ পিতৃক আৰ্থিক ভাৱে কিছু সকাহ দিয়াৰ বাবেই বহি:ৰাজ্যলৈ গৈ পুত্ৰৰ মৃত্যু হোৱাৰ পাছত এতিয়া নিজ পুত্ৰৰ মৃতদেহ আনিবলৈ ধনৰ অভাৱ হোৱাত মহা সংকটত পৰিছে মৃত ৰাজুৰ পৰিয়ালবৰ্গ৷বহি:ৰাজ্যত কামৰ সন্ধানত গৈ এপষেক থকাৰ পিছতেই মৃত্যু হোৱা ৰাজু দাসৰ এই মৃত্যু হত্যাকাণ্ড বুলিও অভিযোগ কৰিছে দৰিদ্ৰ পৰিয়ালটিয়ে৷উল্লেখ্য যে ৰাজু দাস ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ সান্মাসিকৰ ছাত্ৰ আছিল৷কামৰ সন্ধানত বহি:ৰাজ্যলৈ গৈ যুৱকজনৰ এনে কৰুণ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ জামুগুৰিহাটত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁও পেলাইছে৷

About Staff Reporter

চাব পাৰে

গোলাঘাটত আন্ত ক্লাব ভলীবল প্ৰতিযোগিতা

গোলাঘাটত আন্ত ক্লাব ভলীবল প্ৰতিযোগিতা : গোলাঘাট ,১৯ নৱেম্বৰ : অহা ইংৰাজী ২৩ আৰু ২৪ …

Leave a Reply

Your email address will not be published. Required fields are marked *