Monday , March 30 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ কৃষ্ণ চন্দ্ৰ গান্ধী সোঁৱৰণী বটাঁ প্ৰদান অনুষ্ঠান

পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ কৃষ্ণ চন্দ্ৰ গান্ধী সোঁৱৰণী বটাঁ প্ৰদান অনুষ্ঠান

 

ষ্টাফৰিপোৰ্টাৰ-২১ ফেব্ৰুৱাৰী-উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ উত্তোৰণৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিয়ে । ১৯৯৭ চনত স্থাপিত হোৱা পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতি এটা বেচৰকাৰী শিক্ষা সংগঠন । জন্মলগ্নৰ পৰাই জনজাতি অঞ্চলত শিশুক পঞ্চম শ্ৰেণীলৈ আনুষ্ঠানিক শিক্ষা প্ৰদান কৰি আহিছে
অসমৰ কাৰ্বিআংলং আৰু কোকৰাঝাৰ জিলাৰ মুঠ ৫৪০ খন একল বিদ্যালয় এই সংস্থাই চলাই আছে ।ইয়াৰ উপৰিও অসমৰ ২২ খন মেঘালয়ৰ ২০, মনিপুৰত ২৪ খন সংস্কাৰ কেন্দ্ৰ আছে ।
সংস্থাই উত্তৰ-পূৰ্বাঞ্চলত শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।
পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সৌজন্যত ২৫ ফেব্ৰুৱাৰী তাৰিখে ত্ৰিপুৰাৰ আগৰতলাত কৃষ্ণ চন্দ্ৰ গান্ধী সোঁৱৰণী বটাঁ ২০১৯ বৰ্ষৰ বাবে স্বামী চিত্ৰৰঞ্জন দেৱবৰ্মাক প্ৰদান কৰা হব । বিশিষ্ট শিক্ষাবিদ, আধ্যাত্মিক গুৰু দেৱবৰ্মাই বিগত কেইবা দশক জুৰি দুখীয়া পিতৃ-মাতৃ হীন শিশুক সংস্কাৰ আৰু শিক্ষা প্ৰদান কৰি সমাজৰ প্ৰতি অতুলনীয় অবদান আগবঢ়াইছে । আজি গুৱাহাটী প্ৰেছ ক্লাৱত পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিয়ে অনুস্থিত কৰা এক প্ৰেছ মেলত সাংবাদিক সকলক সম্বোধন কৰি সভাপতি সদা দত্তই জানিবলৈ দিছে ২৫ ফেব্ৰুৱাৰী ত্ৰিপুৰাতত এই বঁটা প্ৰদান কৰা হব । আগৰতলাৰ মক্ত্ধাৰা গৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী যিষ্ণু দেববৰ্মাই স্বামী চিত্ৰৰঞ্জন দেৱবৰ্মাক কৃষ্ণ চন্দ্ৰ গান্ধী সোঁৱৰণী বটাঁ প্ৰদান কৰিব ।
সংবাদ মেলত উপস্থিত থাকে পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ উপদেষ্টা লংকী ফাংচু,উপ-সভাপতি আৰু,কে পোদ্দাৰ, অসম প্ৰকাশন ভাৰতীৰ সচিব ডঃ বিবেকানন্দ শৰ্মা আৰু সমিতিৰ সম্পাদক চাঞ্চীৰাম পায়েং ।
বিদ্যাভাৰতীৰ সৰস্বতী শিশু মন্দিৰৰ প্ৰতিষ্ঠাতা আৰু অখিল ভাৰতীয় বনবাসী শিক্ষা প্ৰমুখ কৃষ্ণ চন্দ্ৰ গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বনবাসী অঞ্চলৰ শিক্ষাৰ প্ৰসাৰৰ বাবে বিশেষভাবে অৰিহণা যোগাইছিল ।

About Staff Reporter

চাব পাৰে

অসমৰ বাহিৰত আৱদ্ধ লোকসকলৰ বাবে চৰকাৰৰ হেল্পলাইন নং

অসমৰ বাহিৰত আবদ্ধ অসমৰ লোকক সহায়ৰ হাত মাননীয় মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ । দেশৰ বিভিন্ন …

Leave a Reply

Your email address will not be published. Required fields are marked *