Monday , March 30 2020
শেহতীয়া খবৰ
Home / মহানগৰ / পূৰ্বোত্তৰ সংগীত সন্মিলন’ চতুৰ্থ গুৱাহাটী আন্তৰ্জাতিক সংগীত মহোৎসৱ

পূৰ্বোত্তৰ সংগীত সন্মিলন’ চতুৰ্থ গুৱাহাটী আন্তৰ্জাতিক সংগীত মহোৎসৱ

 

ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : চতুৰ্থ গুৱাহাটী আন্তৰ্জাতিক সংগীত মহোৎসৱৰ অংশ হিচাপে আঞ্চলিক সংগীত শিল্পীসকলক সহায় কৰিবলৈ এক সংগীত সন্মিলন
সামাজিক-সাংস্কৃতিক অনুষ্ঠানত ইষ্টাৰ্ণ বীটছ মিউজিক ছ’চাইটিয়ে আয়োজন কৰিছে। উত্তৰ পূবৰ সংস্কৃতিৰ প্ৰসাৰৰ বাবে আৰু বিভিন্ন দেশৰ সৈতে, বিশেষকৈ এছিয়াৰ দেশসমূহৰ সৈতে নতুন সংযোগ স্থাপনৰ বাবে কাম কৰা সংস্থাটোৱে চতুৰ্থ গুৱাহাটী আন্তৰ্জাতিক সংগীত মহোৎসৱৰ অংশ হিচাপে প্ৰথমবাৰৰ বাবে ২৮-২৯ ফেব্ৰুৱাৰীত আয়োজন কৰিছে ‘পূৰ্বোত্তৰ সংগীত সন্মিলন’।
বিশ্বৰ সংগীত উদ্যোগৰ কেইবাটাও প্ৰতিষ্ঠিত নাম পূৰ্বোত্তৰ সংগীত সন্মিলনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ব। বিগত দুমাহত ডিমাপুৰ, শ্বিলং, উখৰুল আৰু আইজলত অনুষ্ঠিত হোৱা অডিশ্যনত নিৰ্বাচিত সংগীত শিল্পীসকলক পৰামৰ্শ প্ৰদান কৰিব এইসকল শিল্পীয়ে। এক অদ্বিতীয়এছিয়াজোৰা প্ৰকল্প, ৰিডমছ এণ্ড এৰ’মাছ অব্ নৰ্থইষ্ট ইণ্ডিয়াৰ অধীনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ৰাজ্যিক ভিত্তিত অডিশ্যন অনুষ্ঠিত হৈছিল, যি অনুষ্ঠান ভাৰত চৰকাৰৰ নৰ্থ ইষ্ট কাউন্সিলৰ সহযোগিতাত কৰা হৈছিল।
পূৰ্বোত্তৰ সংগীত সন্মিলন সকলো সংগীত শিল্পী আৰু সংগীতৰ ব্যৱসায় বুজিবলৈ আগ্ৰহীসকলৰ বাবে মুকলি। যাৰ উদ্দেশ্য হৈছে অঞ্চলটোত সংগীতৰ এটা সুন্দৰ পৰিৱেশ গঢ়ি তোলা। সমান্তৰালভাৱে আশা কৰা হৈছে অঞ্চলটোৰ সংগীতশিল্পীসকলে যাতে সংগীতৰ সৈতে জড়িত হৈ থকা ব্যৱসায়ৰ বিষয়ে আৰু এই উদ্যোগটোৰ সৈতে জড়িত শেহতীয়া ঘটনাৱলী জানিব পাৰে।
সংগীত সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া বক্তাসকলৰ মাজত আছে টাৰছেম মিট্টাল (শিল্পী তথা টেলেণ্ট মেনেজমেণ্ট এক্সপাৰ্ট), ইণ্ডিয়ান মিউজিক ডায়েৰীজৰপৰা অক্ষয় কাপুৰ আৰু আদিত্য ঘোষ (ডিজিটেল মিউজিক প্ৰম’চন চেনেল), ৰ’লিংষ্ট’ন ইণ্ডিয়াৰপৰা অনুৰাগ টাগট (সংগীত সাংবাদিক), ৰয় দীপাংকৰ (মিউজিক প্ৰগ্ৰেমাৰ তথা চলচ্চিত্ৰ নিৰ্মাতা), চিডি বেবীৰপৰা ৰিটনিকা নয়ন (মিউজিক এগ্ৰেগেটৰ), পদ্মনাভন এনএছ (স্পটিফাইৰ হেড অব্ আৰ্টিষ্ট তথা লেবেল মাৰ্কেটিং), বিজয় বাছৰুৰ (অ’কে লিচেনৰ প্ৰতিষ্ঠাপক), শৃংখলা সাহায় (সংগীত সাংবাদিক), থেজা মেৰু (নাগালেণ্ড চৰকাৰৰ সংগীত আৰু কলাৰ বাবে টাস্ক ফ’ৰ্ছৰ উপদেষ্টা), কৌশিক দত্ত (মিউজিককানেক্ট এছিয়াৰ সংগীতশিল্পী তথা মিউজিক প্ৰম’টাৰ) আদি।
অঞ্চলটোৰ সংগীত উদ্যোগটোৰ ত্বৰিৎ বিকাশৰ বাবে ইষ্টাৰ্ণ বীটছ মিউজিক ছ’চাইটীয়ে অংশগ্ৰহণকাৰী সংস্থাসমূহৰ সৈতে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰিব। “আমি বিশ্বৰ সংগীত উদ্যোগৰ বৃহৎ প্ৰতিষ্ঠানসমূহৰ সৈতে ৬খনৰো অধিক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিম, যাৰ ভিতৰত আছে ৰ’লিংষ্ট’ন ইণ্ডিয়া, স্পটিফাই, চিডি বেবী, ইণ্ডিয়ান মিউজিক ডায়েৰীজ আদি। যিয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সংগীত উদ্যোগৰ সৈতে জড়িত শিল্পী তথা অংশীদাৰীসকলক লাভান্বিত কৰিব,” ক’লে ইষ্টাৰ্ণ বীটছ মিউজিক ছ’চাইটীৰ প্ৰতিষ্ঠাপক সম্পাদক আয়ুস্মান দত্তই।
গুৱাহাটীৰ শিল্পগ্ৰামত ২৯ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ গুৱাহাটী আন্তৰ্জাতিক সংগীত মহোৎসৱৰ আৰম্ভণিতেএই সংগীত সন্মিলন অনুষ্ঠিত হ’ব।
সংগীত সন্মিলনত অংশগ্ৰহণ কৰিবলগীয়া সংগীত শিল্পীসকলক নিৰ্বাচন কৰা হৈছিল ৮খন ৰাজ্যত অনুষ্ঠিত হোৱা অডিশ্যনৰ মাধ্যমেৰে। অসম আৰু নাগালেণ্ডৰ বেণ্ডসমূহে ২০১৯ চনৰ ডিচেম্বৰৰ শেষৰফালে এছিয়াজোৰা সংগীত প্ৰকল্প ‘ৰিডম এণ্ড এৰ’মাছ অব্ নৰ্থইষ্ট ইণ্ডিয়া’ৰ অংশ হিচাপে ডিমাপুৰত অনুষ্ঠিত হোৱা অডিশ্যনত। য’ত সহযোগিতা আগবঢ়াইছিল নৰ্থ ইষ্টাৰ্ণ কাউন্সিল, শ্বিলঙে। একেদৰে মেঘালয়, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ বেণ্ডসমূহে শ্বিলং অডিশ্যনত অংশগ্ৰহণ কৰিছিল। শেষত, মণিপুৰ, ছিকিম আৰু মিজোৰামৰ বাবে অডিশ্যন অনুষ্ঠিত হৈছিল আইজলত।

About Staff Reporter

চাব পাৰে

ৰাজ্যখনত বাতৰি কাকতৰ নিয়মীয়া প্ৰচলনৰ আহ্বান

  ষ্টাফৰিপোৰ্টাৰ, ২৬ মাৰ্চ: ৰাজ্যখনত বন্ধ কৰি ৰখা বাতৰি কাকতসমুহৰ প্ৰচলন নিয়মিয়া কৰিবলৈ ৰাজ্য চৰকাৰক …

Leave a Reply

Your email address will not be published. Required fields are marked *