Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্রাক্তন সাংসদ ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শশধৰ কাকতিৰ মৃত্যুত শোক প্ৰকাশ

প্রাক্তন সাংসদ ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শশধৰ কাকতিৰ মৃত্যুত শোক প্ৰকাশ

 

ষ্টাফৰিপোৰ্টাৰ, ২৭ ফেব্ৰুৱাৰী : অসম বিধান সভাৰ ভূতপূৰ্ব উপাধ্যক্ষ আৰু প্রাক্তন সাংসদ ভদ্ৰেশ্বৰ বুঢ়াগোহাঁইৰ মৃত্যুত বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত অধ্যক্ষ গৰাকীয়ে কয় ” জাতীয়তাবাদৰ অন্যতম প্ৰবক্তা, ঐতিহাসিক অসম আন্দোলনৰ এগৰাকী অক্লান্ত কর্মী, বিশিষ্ট অধিবক্তা আৰু ৰাজনীতিক ভদ্ৰেশ্বৰ বুঢ়াগোহাঁইয়ে ৰাজ্যখনলৈ আগবঢ়োৱা অৱদান স্মৰণীয় হৈ ৰ’ব। তেওঁৰ মৃত্যু দেশ তথা সমাজৰ বাবে অপুৰণীয় ক্ষতি। তেওঁৰ বিদেহ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।’ ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শশধৰ কাকতিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। সদৌ অসম ছাত্ৰ সন্থাৰ বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ আৰম্ভণিতে সন্থাৰ
প্ৰাক্তন সাধাৰণ সম্পাদক শশধৰ কাকতিৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ বিদেহ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনায়। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শশধৰ কাকতিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনায়। ছাত্র সন্থাৰ শোক বাৰ্তাত কয় ” ঐতিহাসিক অসম আন্দোলনৰ পাছত সম্পাদিত অসম চুক্তিৰ পাছত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি কাৰ্তিক হাজৰিকা আৰু সাধাৰণ সম্পাদক শশধৰ কাকতিয়ে সন্থাৰ নেতৃত্ব বহন কৰিছিল।”

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *