Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰকৃতি প্ৰেমী সৰ্পবান্ধব সৌৰভ বৰকটকীয়ে মুকলি কৰে ১১ডালকৈ অজগৰ।

প্ৰকৃতি প্ৰেমী সৰ্পবান্ধব সৌৰভ বৰকটকীয়ে মুকলি কৰে ১১ডালকৈ অজগৰ।

প্ৰকৃতি প্ৰেমী সৰ্পবান্ধব সৌৰভ বৰকটকীয়ে মুকলি কৰে ১১ডালকৈ অজগৰ।

শোণিতপুৰ চাৰিদুৱাৰৰ বালিপৰা সংৰক্ষিত বনাঞ্চলত আজি পুনৰ ১১ ডালকৈ প্ৰকাণ্ড অজগৰ সাপ মুকলি কৰে বনবিভাগৰ অবৈতনিক ৱাৰ্ডেন, সৰ্পবান্ধৱ প্ৰকৃ্তিপ্ৰেমী সৌৰভ বৰকটকীয়ে । আজি দিনৰ ১২:০০ বজাত সংৰক্ষিত বনাঞ্চলখনৰ দমাইলৰ পিতনিত জিলাখনৰ তেজপুৰ, ভোমোৰাগুৰি, নপাম, চানমাৰী আদি কৰি বিভিন্ন ঠাইৰপৰা ৰাইজৰ খবৰৰ ভিত্তিত বৰকটকীয়ে উদ্ধাৰ কৰা ১১ ডালকৈ প্ৰকাণ্ড অজগৰ আজি জিলা বনবিভাগৰ সহযোগত মুকলি কৰি দিয়ে । আজি মুকলি কৰা সাপকেইডালৰ আটাইতকৈ প্ৰকাণ্ড সাপডাল দহ ফুট আৰু তিনিডালৰ দৈৰ্ঘ্য ন ফুট আছিল । আটাইকেইডাল সাপক বৰকটকীয়ে উদ্ধাৰ কৰাৰ পিছত নিজা ব্যৱস্থাপনাৰে সাপকেইডালক তত্বাৱধান কৰাৰ অন্তত আজি এনেদৰে বালিপৰা সংৰক্ষিত বনাঞ্চলখনত মুকলি কৰে । সৰ্প মুকলি কৰি বৰকটকীয়ে জনোৱা অনুসৰি , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান সময়ত হোৱা বানপানীৰ বাবে জিলাখনৰ বিভিন্ন স্থানত সাপবোৰ প্ৰৱেশ কৰা বুলি জানিবলৈ দিয়ে ।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *