Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰকৃতি প্ৰেমী ৰাকেশ সাউদক অসম সাহিত্য সভাৰ সেউজ ধৰিত্ৰী ধাৰক বঁটা প্ৰদান

প্ৰকৃতি প্ৰেমী ৰাকেশ সাউদক অসম সাহিত্য সভাৰ সেউজ ধৰিত্ৰী ধাৰক বঁটা প্ৰদান

 

বঙাইগাঁওঃ ১৪ জুনঃ অসম সাহিত্য সভাই বিশ্ব-প্ৰকৃতিৰ সুৰক্ষাৰ কাৰণে সাহিত্য সভাৰ সেউজ যাত্ৰাৰ অংশ হিচাপে পৰিৱেশ- প্ৰকৃতি তথা জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ দিশত ব্যাপক সজাগতা সৃষ্টিত আগবঢ়োৱা অৱদানৰ বাবে আজি বঙাইগাঁৱৰ প্ৰকৃতিপ্ৰেমী যুৱক ৰাকেশ সাউদক অসম সাহিত্য সভাই আগবঢ়োৱা ‘সেউজ ধৰিত্ৰী ধাৰক’ বঁটা প্ৰদান কৰা হয় ৷ এই বিশেষ সম্বৰ্ধনা তথা সন্মান প্ৰদানৰ উপলক্ষে বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত আৰু বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক নিৰেণ চন্দ্ৰ দাসে ৷ অনুষ্ঠানত বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ড° হিতেশ চন্দ্ৰ দাসে অসম সাহিত্য সভাই বঙাইগাঁৱৰ প্ৰকৃতিপ্ৰেমী যুৱক ৰাকেশ সাউদক সেউজ ধৰণী ধাৰক বঁটা প্ৰদান কৰাত সাহিত্য সভালৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাকেশ সাউদক বঙাইগাঁও মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলক লৈ প্ৰকৃতি সংৰক্ষণৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত বঙাইগাঁও শোধনাগাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা প্ৰকৃতি প্ৰেমী নিৰ্মল কান্তি দে আৰু বঙাইগাঁও মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° জবা ঠাকুৰীয়াই প্ৰকৃতি সংৰক্ষণ আৰু সজাগতাৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ লগতে ৰাকেশ সাউদলৈ বঁটা প্ৰাপ্তিত অভিনন্দন জ্ঞাপন কৰে ৷ অনুষ্ঠানত ৰাকেশ সাউদৰ পিতৃ বৃন্দাৱন সাউদে ৰাকেশৰ প্ৰকৃতিৰ প্ৰতি থকা টান আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে কৰি অহা কাম-কাজৰ বিষয়ে প্ৰকাশ কৰে ৷ মূলাগাঁও লালবাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠৰ ছাত্ৰীসকলে পৰিৱেশন কৰা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত অসম সাহিত্য সভাৰ সেউজ ধৰণী ধাৰক বঁটা প্ৰাপক ৰাকেশ সাউদে নিজৰ মত ব্যক্ত কৰে ৷ অনুষ্ঠানৰ মাজতে শিল্পী জ্যোতিৰিন্দ্ৰ অধিকাৰীয়ে ড° ভূপেন হাজৰিকাৰ ‘অ’ মোৰ ধৰিত্ৰী আই’ শীৰ্ষক গীতটি পৰিৱেশন কৰে ৷ অনুষ্ঠানত ৰাকেশ সাউদৰ পিতৃ বৃন্দাৱন সাউদ আৰু মাতৃ বিণু সাউদক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷ অসম সাহিত্য সভাৰ হৈ বঙাইগাঁও জিলা সাহিত্য সভাই প্ৰদান কৰা বঁটা প্ৰদান অনুষ্ঠানত বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক বিক্ৰমজিৎ মেধি, জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক কুঞ্জমোহন ৰায়, উল্লিখিত মহাবিদ্যালয়ৰ প্ৰৱক্তা, ছাত্ৰ-ছাত্ৰী সকল, সাহিত্য সভাৰ কৰ্মী সকল, কে’বাজনো বিশিষ্ট অতিথি উপস্থিত থাকে ৷ শেষত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *