Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / প্ৰখ্যাত নাট্যকাৰ, অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডৰ মৃত্যু

প্ৰখ্যাত নাট্যকাৰ, অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডৰ মৃত্যু

 

ষ্টাফৰিপৰ্টাৰ, ১০ জুন, প্ৰখ্যাত নাট্যকাৰ আৰু অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডে আজি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল নাট্যকাৰগৰাকী। বেংগালুৰুৰ বাসভৱনত আজি পুৱা মৃত্যু হয় জ্ঞানপীঠ বঁটা বিজয়ী কাৰ্নাডৰ। চিনেমা জগতৰ পুৰোধা ব্যক্তি গিৰিশ কাৰ্নাড। ১৯৯৮ চনত জ্ঞানপীঠ বঁটাৰে সন্মানীত হৈছিল বলীউডৰ অভিনেতাগৰাকী। ১৯৩৮ চনৰ ১৯ মে’ত মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিছিল প্ৰখ্যাত নাট্যকাৰগৰাকী। মন্থন আৰু পুকাৰৰ দৰে কালজয়ী চিনেমা পৰিচালনা তথা অভিনয় কৰিছিল গিৰিশ কাৰ্নাডে। দক্ষিণ ভাৰতীয় ৰংগমঞ্চ আৰু ছবিজগতৰ পিতামহৰূপে খ্যাত আছিল অভিনেতাগৰাকী। আৰ কে নাৰায়নৰ ‘মালগুড়ি ডেইজ’ত তেওঁ স্বামীৰ পিতৃৰ ভূমিকা পালন কৰিছিল। তেওঁ লিখা হয়াবদনা, য়য়াতি, তুগলকৰ দৰে নাটক কৰ্ণাটক আৰু অন্য ৰাজ্যসমূহত বিদ্যালয়ৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হৈছিল। অসমীয়া চলচ্চিত্ৰতো অভিনয় কৰিছিল বিশিষ্ট অভিনেতা গৰাকীয়ে।

About Staff Reporter

চাব পাৰে

লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা

  ষ্টাফৰিপৰ্টাৰ, ১৮ জুন, লোকসভাৰ নতুন অধ্যক্ষ হ’ব ওম বিৰলা। ৰাজস্থানৰ কোটাৰ বিজেপি সাংসদ বিৰলা।আজি …

Leave a Reply

Your email address will not be published. Required fields are marked *