Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰগতিৰ ক্ষেত্ৰত প্ৰতাশাপূৰ্ণ জিলাত পৰিণত বৰপেটা

প্ৰগতিৰ ক্ষেত্ৰত প্ৰতাশাপূৰ্ণ জিলাত পৰিণত বৰপেটা

*দেশৰ ১১৭ অনুন্নত জিলাৰ প্ৰথম ১০ খনলৈ উন্নীত বৰপেটা*
*সম্পদৰ উন্নয়ন আৰু জীৱন ধাৰণৰ মানৰ বিকাশত উল্লেখনীয় প্ৰগতি* কঞ্জল দাস, বৰপেটা, ৮ নৱেম্বৰ: দেশৰ ১১৭ খন অনুন্নত জিলাৰ ভিতৰত বৰপেটা জিলাই যোৱা বছৰটোত উল্লেখনীয় প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। তুলনামূলকভাৱে অনুন্নত জিলা কেইখনক আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে এছপাইৰেচনেল বা প্ৰত্যাশাপূৰ্ণ জিলা হিচাবে ১১৭ খন জিলাক চিহ্নিত কৰি যোৱা বছৰৰ জানুৱাৰী মাহৰ পৰা বিশেষ পদক্ষেপ হাতত লৈছিল। সেই অনুসৰি এই জিলা সমূহৰ মানৱ প্ৰগতি সূচাংক উন্নত কৰাৰ বাবে বিভিন্ন উন্নয়নী আঁচনিৰ সঠিক আৰু ফলপ্ৰসু ৰূপায়নত গুৰুত্ব আৰোপ কৰা হৈছিল। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিশেষ নিৰীক্ষণত চলি থকা এই কাৰ্যসূচীত বৰপেটা জিলাই দক্ষতা প্ৰদৰ্শন কৰি প্ৰথম দহখন প্ৰত্যাশাপূৰ্ণ জিলাৰ শাৰীলৈ উন্নীত হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে ১১৭ খন এনে জিলাৰ ভিতৰত প্ৰথম ১০ টা স্থানত থকা অসমৰ বৰপেটা হৈছে একমাত্ৰ জিলা। বাকী জিলা কেইখন হৈছে উত্তৰ প্ৰদেশৰ বলৰামপুৰ, সোণাভদ্ৰা আৰু চিত্ৰকূট, বিহাৰৰ ছেইখপুৰা আৰু ঔৰাংগাবাদ, কেৰালাৰ ৱেয়ানাড়, উড়িষ্যাৰ নৌপাৰা আৰু মধ্যপ্ৰদেশৰ বাৰাউনী। মানৱ সম্পদৰ উন্নয়ন আৰু জীৱন ধাৰণৰ মানৰ বিকাশ সাধনৰ বাবে ধাৰ্য কৰা লক্ষ্য সমূহৰ কাষ চাপি যোৱাত যোৱা ডেৰ বছৰত দেখুওৱা দক্ষতাৰ বাবেই বৰপেটা জিলাই প্ৰথম ১০ খনৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে বুলি জিলা জনসংযোগ বিষয়া জনে জানিবলৈ দিছে। ইয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰে উপায়ুক্ত মুনীন্দ্ৰ শৰ্মালৈ টেলিফোন কৰি অভিনন্দন জ্ঞাপন কৰিছে। ইয়াৰ বাবে উপায়ুক্ত গৰাকীয়ে জিলাখনৰ প্ৰভাৰী বিষয়া অসম চৰকাৰৰ আয়ুক্ত সচিব ৰূপক মজুমদাৰৰ উপৰি জিলাখনৰ স্বাস্থ্য, পশুপালন, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, জল সম্পদ, পৰিকল্পনা আৰু ৰূপান্তৰ, সমাজ কল্যাণ, কৃষি আদি বিভাগ সমূহৰ বিষয়া কৰ্মচাৰী সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বৰপেটা জিলাক শ্ৰেষ্ঠ জিলালৈ উন্নীত কৰাৰ বাবে আত্মনিয়োগ কৰিবলৈ সকলোকে আহ্বান জনাইছে। উল্লেখযোগ্য যে অসম চৰকাৰৰ আয়ুক্ত সচিব ৰূপক মজুমদাৰক এই ক্ষেত্ৰত জিলা প্ৰভাৰী বিষয়া হিচাপে নিয়োগ কৰিছে। এই প্ৰত্যাশাপূৰ্ণ জিলাৰ তালিকাত অসমৰ ৮ খন জিলা অন্তৰ্ভূক্ত হৈছে। যোৱা ৬ নৱেম্বৰৰ দিনা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকাশৰ দিশত প্ৰথম ২০ টা আৰু শেষৰ ১০ টা স্থান লাভ কৰা মুঠ ৩০ খন জিলাৰ প্ৰতিনিধি সকলৰ সৈতে ভিডিঅ’কনফাৰেন্সচিং যোগে বিশেষ ভাৱে বাৰ্তালাপ কৰিছিল।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *