Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰধান মন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ৰাজ্যৰ ১৩৪ খন গাঁওৰ উন্নয়নৰ বাবে পুঁজি আবণ্টন

প্ৰধান মন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ৰাজ্যৰ ১৩৪ খন গাঁওৰ উন্নয়নৰ বাবে পুঁজি আবণ্টন

 

ষ্টাফ ৰিপোৰ্টাৰ,,,,১৩ আগষ্ট।।। প্ৰধান মন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ৰাজ্যৰ ১৩৪ খন পিছপৰা গাঁওৰ উন্নয়নৰ বাবে ৪১ লাখকৈ পুঁজি আবণ্টন দিয়া হৈছে। ইয়াৰ জৰিয়তে ৰাজ্যৰ গ্ৰামাঞ্চলৰ কেতবোৰ উন্নয়ন মূলক কাম কৰা হ’ব”- এইদৰে কয় প্ৰধান মন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ কেন্দ্ৰীয় উপদেষ্টা সমিতিৰ উত্তৰ-পূৱৰ সদস্য দীপক দাসে। মঙলবাৰে গুৱাহাটীৰ বৰা ছাৰ্ভিচত অনুষ্ঠিত এখন সংবাদমেলযোগে তেওঁ লগতে কয়-“প্রধান মন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অৰ্থাৎ ২০১৭-১৮ বৰ্ষৰ অধীনত ৰাজ্যৰ ২৭৩ খন পিছপৰা গাঁও নিৰ্বাচন কৰা হৈছিল। তাৰ ভিতৰত ১৩৪ খন পিছপৰা গাঁওৰ সামগ্ৰিক উন্নয়নৰ বাবে ৪১ লাখকৈ টকাৰ পুঁজি আবণ্টন দিয়া হৈছে। চলিত বছৰৰ দুই তিনিমাহৰ ভিতৰতে এই পিছপৰা গাওঁসমুহৰ উন্নয়নৰ কাম আৰম্ভ হ’ব। এই আঁচনিৰ অধীনত প্রতিখন জিলাৰ ৫ খনকৈ গাঁও সামৰি লোৱা হৈছে। এই সন্দৰ্ভত ৫ আগষ্টত ৰাজ্যিক কৰ্মকর্তাৰ সৈতে এখন বৈঠকো অনুষ্ঠিত হৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ নীতিক সৰোগত কৰি এই উন্নয়ন মূলক কামৰ কাৰ্যব্যবস্থা হাতত লোৱা হৈছে। আনহাতে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাজ্যৰ পিছপৰা গাঁওৰ উন্নয়নৰ বাবে যথেষ্ট কাম কৰিছে আৰু আৰু পাছলৈ সৰ্বসাধাৰণ মানুহৰ গাওঁবোৰকো এই যোজনাৰ অধীনত সামৰি লোৱা হ’ব।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *