Sunday , February 23 2020
Home / আঞ্চলিক / প্ৰবীন ক্ৰীড়া সংগঠক, ফুটবলাৰ সুবোধ চন্দ্ৰ দাসৰ বিয়োগ

প্ৰবীন ক্ৰীড়া সংগঠক, ফুটবলাৰ সুবোধ চন্দ্ৰ দাসৰ বিয়োগ

প্ৰবীন ক্ৰীড়া সংগঠক, ফুটবলাৰ সুবোধ চন্দ্ৰ দাসৰ বিয়োগ ::
কঞ্জল দাস, বৰপেটা ৩০ ছেপ্টেম্বৰ: বৰপেটাৰ প্ৰবীন ক্ৰীড়া সংগঠক, ফুটবলাৰ তথা ৰেফাৰী সুবোধমল্ল দাস আৰু নাই ৷ বৰপেটাৰ ক্ৰীড়া জগতত দীৰ্ঘদিন ধৰি সক্ৰিয়ভাবে জড়িত হৈ থকা দাসে কালি বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ ৷ ফুটবল খেলুৱৈ হিচাপে পৰিচিত দাসে ফুটবল ৰেফাৰী হিচাপেও সেৱা আগবঢ়াইছিল ৷ বৰপেটা জিলা ক্ৰীড়া সন্থাৰ লগতো জড়িত হৈ থকা দাসে মৃত্যুৰ আগমুহুৰ্তলৈ জিলাখনৰ কেইবাটাও ক্ৰীড়া অনুষ্ঠান লগতো সক্ৰিয়ভাবে জড়িত হৈ আছিল ৷ এই গৰাকী ক্ৰীড়া সংগঠকৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চহৰখনত এক শোকৰ ছাঁ পৰে ৷

কঞ্জল দাস,বৰপেটা
৩০ ছেপ্টেম্বৰ ২০১৯

About Staff Reporter

চাব পাৰে

চৰকাৰে বন্ধ কৰিবই সংস্কৃত টোল

  ষ্টাফৰিপোৰ্টাৰ, ২২ ফেব্ৰুৱাৰী : শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা প্ৰদান বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যত মাদ্ৰাছা আৰু …

Leave a Reply

Your email address will not be published. Required fields are marked *