Monday , August 26 2019
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / প্ৰসংগঃ সম্বলপুৰত থকা বেজবৰুৱাৰ বাসগৃহৰ সংৰক্ষণ

প্ৰসংগঃ সম্বলপুৰত থকা বেজবৰুৱাৰ বাসগৃহৰ সংৰক্ষণ

 

ষ্টাফৰিপৰ্টাৰ, ১ আগষ্ট : সম্বলপুৰৰ “সাহিত্য ৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতি”ৰ আৰু ঊৰিষ্যা চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জ্যোতিপ্ৰকাশ পানীগ্ৰাহীৰ গুৰুত্বপূৰ্ণ আলোচনা ভুৱনেশ্বৰত অনুষ্ঠিত হয়। সম্বলপুৰত থকা ৰসৰাজৰ বাসগৃহ আৰু সাধনা গৃহ পুনৰ নিৰ্মাণ ক্ষিপ্ৰ গতিত আগবঢ়োৱা প্ৰসংগত আলোচনা কৰা হয়। অসম চৰকাৰে আগবঢ়োৱা ৫০ লাখ টকা সন্দৰ্ভত যাৱতীয় বেংক একাউণ্ট আদি প্ৰসংগত আলোচনা কৰা হয়।
বৈঠকত স্মৃতিৰক্ষা সমিতিৰ অসমৰ প্ৰতিনিধি তথা কার্যকৰী সভাপতি প্ৰদ্যুত কুমাৰ চৌধুৰী আৰু সাধাৰণ সম্পাদক ৰণ্টু ডেকাৰ লগতে সংগঠনটোৰ সম্বলপুৰৰ প্ৰতিনিধি দীপক পাণ্ডাই অংশগ্ৰহণ কৰে।

About Staff Reporter

চাব পাৰে

প্ৰখ্যাত নাট্যকাৰ, অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডৰ মৃত্যু

  ষ্টাফৰিপৰ্টাৰ, ১০ জুন, প্ৰখ্যাত নাট্যকাৰ আৰু অভিনেতা, পৰিচালক গিৰিশ কাৰ্নাডে আজি শেষ নিশ্বাস ত্যাগ …

Leave a Reply

Your email address will not be published. Required fields are marked *