Thursday , December 12 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰস্তাৱিত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ প্ৰতিবাদত

প্ৰস্তাৱিত নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ প্ৰতিবাদত

 

ষ্টাফৰিপৰ্টাৰ , ১৭ নৱেম্বৰ : কেন্দ্ৰৰ বিজেপি-নেতৃত্বাধীন মোদী চৰকাৰে দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পাছত পুনৰ নাগৰিকত্ব (সংশোধনী) বিধেয়ক সংসদত উত্থাপন কৰাৰ বাবে উঠি-পৰি লাগিছে। অসমকে ধৰি উত্তৰ-পূবৰ জনসাধাৰণৰ প্ৰবল প্ৰতিবাদ আৰু সমগ্ৰ দেশৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দল-সংগঠনসমূহৰ তীব্ৰ বিৰোধিতা সত্ত্বেও মোদী চৰকাৰে নিজৰ সাম্প্ৰদায়িক আৰু আঁকোৰগোজ অৱস্থানৰ পৰা আঁতৰি অহা নাই। বৰং সংসদত কেৱল সংখ্যাগৰিষ্ঠতাৰ জোৰত বিজেপি চৰকাৰখনে চৰম স্বেচ্ছাচাৰিতা প্ৰদৰ্শন কৰি বিধেয়কখন আইনত পৰিণত কৰাৰ বাবে উদ্যত হৈছে। সেয়ে প্ৰস্তাৱিত বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে ‘বাঁও-গণতান্ত্ৰিক মঞ্চ, অসম’ৰ অন্তৰ্ভুক্ত দলসমূহে কাইলৈ ১৮ নৱেম্বৰত সমগ্র ৰাজ্যখনত যৌথভাৱে আন্দোলন সংগঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঞ্চৰ অন্তৰ্ভুক্ত দলসমূহৰ ভিতৰত আছে : চি পি আই (এম, চি পি আই, চি পি আই (এম-এল), জনতা দল (এছ), এন চি পি, অসম সংগ্ৰামী মঞ্চ, আম আদমী পাৰ্টি, লিবাৰেল ডেমক্ৰেটিক পাৰ্টি আৰু আৰ চি পি আই।

মঞ্চৰ দলসমূহে যৌথভাৱে প্ৰকাশ কৰা এটা বিবৃতিৰ জৰিয়তে কয়, ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰিব বিচৰা এই বিধেয়ক সাম্প্ৰদায়িক আৰু সংবিধানবিৰোধী।
১৯৭১ চনৰ ২৪ মার্চক ভিত্তি হিচাপে লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত প্ৰণয়ন হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)খনো হৈ পৰিব অৰ্থহীন। সেয়ে এনে এখন সংবিধানবিৰোধী, সাম্প্ৰদায়িক আৰু অসমবিৰোধী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলনৰ অংশহিচাপে ১৮ নৱেম্বৰত সমগ্ৰ ৰাজ্যতে সভা-সমাবেশ-ধৰ্ণা-বিক্ষোভ আদি কাৰ্যসূচী পালন কৰা হ’ব বুলিও দলসমূহে ঘোষণা কৰে। ১৮ নৱেম্বৰৰ প্ৰতিবাদী আন্দোলনত যোগদান কৰি দেশৰ সংবিধান তথা ধৰ্মনিৰপেক্ষ চৰিত্ৰ ৰক্ষাৰ হকে আৰু বিজেপি চৰকাৰৰ অসমবিৰোধী পদক্ষেপৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিয়াৰ বাবে ৰাজ্যখনৰ সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতি মঞ্চই আহ্বান জনাইছে।
গুৱাহাটীত ১৮ নৱেম্বৰৰ দিনা বাঁও-গণতান্ত্ৰিক দলসমূহৰ সভ্য-সমৰ্থকৰ উপৰি স্বাধীন মতাৱলম্বী বিভিন্ন অংশৰ ৰাইজ দিনৰ ১১ বজাত গুৱাহাটী ক্লাবৰ সমীপৰ বেজবৰুৱা চ’ক (ৰ’টাৰী পইণ্ট)ত সমবেত হৈ অৱস্থান-ধৰ্মঘটত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পাছতে দিনৰ এক বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি গৈ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিব। এই প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰাৰ বাবে বাঁও-গণতান্ত্ৰিক মঞ্চই সকলো অংশৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *