Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / প্ৰাগজ্যোতিষ মহোৎসৱ”

প্ৰাগজ্যোতিষ মহোৎসৱ”

 

ষ্টাফৰিপোৰ্টাৰ, ২৭ ফেব্ৰুৱাৰী : নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু শ্ৰীমন্ত শংকৰদেৱ কালাক্ষেত্ৰ সমাজৰ সহযোগত “প্ৰাগজ্যোতিষ মহোৎসৱ” শীৰ্ষক নাট মহোৎসৱৰ আয়োজন কৰা হৈছে। মহানগৰীৰ পঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কালাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই নাট মহোৎসৱ ২৮ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চ লৈ অনুষ্ঠিত হব। এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰিব ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক হেম সিংহই, মুখ্য অতিথি হিচাপে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক দুলাল ৰয়, সন্মানীয় অতিথি হিচাপে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু বিশিষ্ট অতিথি শ্ৰীমন্ত শংকৰদেৱ কালাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ উপস্থিত থাকিব। পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও নাট্য দলে নাট মঞ্চস্থ কৰিব বুলি উদ্যোক্তা সকলে জনায়।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *