Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰাদেশীকৃত বিদ্যালয়ত মজিয়াত বহি শিক্ষা গ্ৰহণ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ

প্ৰাদেশীকৃত বিদ্যালয়ত মজিয়াত বহি শিক্ষা গ্ৰহণ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ

ৰাজ্যৰ শিক্ষাখণ্ডৰ ফোঁপোলা ছবি ৷

কাজিৰঙা, ২৮ জুন : বিকশিত অসমৰ বিকাশ এতিয়া ৰাজ্যৰ সৰ্বত্ৰতে পৰিস্ফুট হৈ পৰিছে ৷ৰাজ্যখনত বিকাশৰ ক্ষেত্ৰত সকলোতকৈ আগবাঢ়ি থকা বিভাগটোৱেই হৈছে শিক্ষা বিভাগ ৷ ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ নামত বৰ্তমানৰ চৰকাৰখনে যিমানেই ধাক-ঢোল নবজাওক কিয় প্ৰতিদিনেই ৰাজ্যখনৰ চুকে-কোণে উন্মোচিত হবলৈ ধৰিছে উন্নয়নৰ নামত ইয়াৰ বিপৰীত এখন ছবিহে ৷ আজি আমি উল্লেখ কৰিব বিচাৰিছোঁ বোকাখাতৰ এখন প্ৰাদেশীকৃত বিদ্যালয়ৰ এক পয়ালগা ছবি ৷ যি খন বিদ্যালয়ত পুৰণিকলীয়া দিনৰ দৰেই আজিৰ সময়তো বিদ্যালয়ৰ মজিয়াত বহিয়েই শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে ৷

উল্লেখ্য যে, পশ্চিম গোলাঘাট শিক্ষাখণ্ডৰ অধীনৰ বোকাখাত মহকুমাত অৱস্থিত এই বিদ্যালয় খনৰ নাম হৈছে কুমাৰনীআটি মজদুৰ প্ৰাথমিক বিদ্যালয় ৷ ইতিমধ্যে, ২০১৩ বৰ্ষত বিদ্যালয়খন প্ৰাদেশীকৰণ হৈ গৈছে ৷ কিন্তু বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ফোঁপোলা ছবিয়ে বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ নামত হৈ থকা ভেঁকোভাওনাৰ এক সুন্দৰ ছবি ডাঙি ধৰিছে ৷ বিদ্যালয়খনত মাত্ৰ এটাই শ্ৰেণী কোঠা ৷ উক্ত শ্ৰেণী কোঠাটোৰ ব্যাসাৰ্ধ মাত্ৰ ৪০×১৫ ফুট । এই সৰু কোঠাটোৰ ভিতৰতে আছে ৬ টাকৈ শ্ৰেণী ৷ “ক” মানৰ পৰা “পঞ্চম” শ্ৰেণীলৈকে থকা এই বিদ্যালয়খনৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৬৪ গৰাকী ৷ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষাগুৰুৰ সংখ্যা মাত্ৰ দুজন ৷ আনহাতে, বিদ্যালয়খনত নাই কোনো বিদ্যুৎ সংযোগৰ ব্যৱস্থা ৷ বিদ্যুৎ নথকাৰ ফলত কোনো ফেনৰো ব্যৱস্থা নাই শ্ৰেণী কোঠাটোৰ ভিতৰত । যাৰবাবে এই গৰমৰ বতৰত এটা সৰু শ্ৰেণী কোঠাৰ ভিতৰত ৬ টাকৈ শ্ৰেণীৰ ৬৪ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে উৎকট গৰমৰ মাজতো শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৷ তাৰোপৰি ছাত্ৰ-ছাত্ৰীৰ অনুপাতে বিদ্যালয় খনত নাই পৰ্যাপ্ত ডেক্স-বেঞ্চৰো সুবিধা ৷ ডেক্স- বেঞ্চৰ সুবিধা নথকাৰ বাবেই শ্ৰেণী কোঠাটোৰ মজিয়াত বহি বহিয়েই ভবিষ্যতৰ দেশৰ ধৰণী কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে উৎকট গৰমত একেটা কোঠাতে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে ৷ এইয়াই হৈছে ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়ন ফোঁপোলা ছবি ৷ এখন প্ৰাদেশীকৃত বিদ্যালয়ত এনেদৰেই এতিয়া মজিয়াত বহি বহিয়েই কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে এইখন অসমতে ৷ পৰিৱৰ্তনকামী চৰকাৰখনৰ শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত কিবা ব্যৱস্থা লবনে ? ভবিষ্যতৰ সুনাগৰিক দেশৰ ধৰণী এই কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰ তথা শিক্ষা মন্ত্ৰীয়ে অনাগত সময়ত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব ৷

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *