Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / প্ৰয়াস কলা কেন্দ্ৰৰ উদ্যোগত “বিশ্ব নৃত্য দিৱস”

প্ৰয়াস কলা কেন্দ্ৰৰ উদ্যোগত “বিশ্ব নৃত্য দিৱস”

 

ষ্টাফ ৰিপোৰ্টাৰ,,,, ৬ মে।।।। মহানগৰীৰ সত্ৰীয়া সংস্কৃতি প্ৰশিক্ষণ কেন্দ্ৰ প্ৰয়াস কলাকেন্দ্ৰৰ উদ্যোগত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ২৮ প্ৰিলত বিশ্ব নৃত্য দিৱস উপলক্ষে এই দিৱসৰ লগত সংগতি ৰাখি এক শাস্ত্ৰীয় নৃত্যানুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাজ্য খনৰ ভিন্ন প্ৰান্তৰ শাস্ত্ৰীয় নৃত্যশিল্পীসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াস কলা কেন্দ্ৰৰ সম্পাদিকা তথা সত্ৰীয়া নৃত্যশিল্পী ডিম্পী বৈশ্য আৰু বেদান্ত বিকাশ দত্তই সত্ৰীয়া গুৰু পদ্মশ্ৰী যতীন গোস্বামী দেৱৰ সংৰচনা আৰু নৃত্য নিৰ্দেশনাত সত্ৰীয়া নৃত্যশৈলীত “গোপী উদ্ধৱ সংবাদ”শীৰ্ষক এটি অনুষ্ঠান পৰিবেশন কৰে। আনহাতে, উদীয়মান কথক নৃত্যশিল্পী বি পাল্কীয়ে গুৰু মৰমী মেধিৰ নৃত্য পৰিচালনা আৰু সংগীতজ্ঞ জয়প্ৰকাশ মেধিৰ সংগীত ৰচনাত আদ্ধা তাল আৰু ভৈৰাগী ভৈৰৱ ৰাগত এটি শিৱ বন্দনা আৰু ত্ৰিতাল আৰু ধামাৰ তালত কথক নৃত্য পৰিবেশন কৰে। বঙাইগাঁওৰ ভৰতনাট্যম শিল্পী অভিষেক দাসে অনুষ্ঠানত নৃত্য পৰিবেশন কৰি দৰ্শকক আপ্লুত কৰে। প্ৰয়াস কলা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলে অনিমেষ দাসৰ তত্ত্বাৱধানত অনুষ্ঠানত নৃত্য পৰিবেশন কৰে। সত্ৰীয়া গুৰু পদ্মশ্ৰী যতীন গোস্বামীয়ে অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে। মাণিক কাকতিয়ে আঁত ধৰা অনুষ্ঠানটিত সংগীত সত্ৰৰ সচিব ৰঞ্জুমণি শইকীয়া, নৃত্যগুৰু ডঃ মনীষা দেৱী, আদি বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *