Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / পৰ্যাপ্ত পৰিমানে মঞ্চ নথকাৰ বাবেই অসম নাট্য সন্মিলনৰ কামৰূপ জিলাৰ দ্বি-বাৰ্ষিক অধিবেশনত ৭ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধৰ্ণা

পৰ্যাপ্ত পৰিমানে মঞ্চ নথকাৰ বাবেই অসম নাট্য সন্মিলনৰ কামৰূপ জিলাৰ দ্বি-বাৰ্ষিক অধিবেশনত ৭ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধৰ্ণা

 

ষ্টাফৰিপৰ্টাৰ, ১০ নৱেম্বৰ : “অসমত নাটক কৰিবলৈ মঞ্চৰ অভাৱ । মঞ্চৰ অভাৱৰ বাবেই বহু নাট্য প্ৰতিভাবান শিল্পী বিকাশ হব পৰা নাই ।গুৱাহাটীত নাটক কৰিবলৈ নিৰ্দিষ্ট এটা নাট্য মঞ্চ নাই ।ৰবীন্দ্ৰ ভৱন আছে যদিও ৰবীন্দ্ৰ ভৱন নাপাওঁ। ইফালে জিলা পুথি ভঁৰাল আছে যদিও নাটক কৰা মঞ্চ হব নোৱাৰে । এইদৰে নাটকৰ মঞ্চৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। দেওবাৰে গুৱাহাটীৰ দিশপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা ‘অসম নাট্য সন্মিলন’, কামৰূপ জিলাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত বিশিষ্ট অথিতিৰ ভাষণত তেওঁ লগতে কয় “আমি ভাবিছিলোঁ অসমতকৈ বাংলাদেশ নাট্য সংস্কৃতিৰ ক্ষেত্ৰত বহু পিছ পৰা । কিন্তু আমাৰ ধাৰণা ভুল । নাটক কৰিবলৈ বাংলাদেশত সুন্দৰ সুন্দৰ ৭ টাকৈ নাট্য মঞ্চ আছে । তদুপৰি শিলচৰ নিচিনা ঠাইতো নাটক কৰিবলৈ সুন্দৰ মঞ্চ আছে কিন্তু গুৱাহাটীত এটাও নাটক কৰিব পৰা মঞ্চ নাথকাটো অসমৰ নাট্য শিল্পীৰ বাবে দুৰ্ভাগ্যৰ কথা ।গুৱাহাটীত ১৫-২০ টা নাট্য মঞ্চ হব লাগে বুলি কোৱাৰ লগতে বর্তমানৰ চৰকাৰে যদি নাটকৰ বাবে মঞ্চ দিব নোৱাৰে তেন্তে গুৰুজনাৰ সৃষ্টি ৰাজিৰ নাটক বা ৰাসলীলাক লৈ যি হাযৈ বিযৈ কৰিছে সেয়া গুৰুজনাক অপমান কৰা বাদে একো নহয় বুলি চৰকাৰক সমালোচনা কৰে ৰাজবংশীয়ে । আজিৰ অনুষ্ঠানত সমাজ সেৱক তথা স্বেচ্ছাসেৱী সংগঠন ‘ৰেইজড’ৰ সভাপতি ফণীন্দ্ৰনাথ শৰ্মা দেৱক সম্বৰ্ধনা জনোৱা হয় নাট্য সন্মিলনে । ১৯৮০ চনৰে পৰা দেশ সেৱাৰ অৰ্থে জীৱন সমৰ্পণ কৰা শৰ্মাই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰচাৰক হিচাপে সমাজৰ কামত নিজক নিয়োগ কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে সেৱা আগ বঢ়াই আহিছে । অসমৰ কলা কৃষ্টি তথা ভাষা সংস্কৃতি সকলো ক্ষেত্ৰতে বৰ্তমানৰ চৰকাৰে আগভাগ লৈছে বুলি উল্লেখ কৰাৰ লগতে অসম নাট্য সন্মিলনৰ নাট মঞ্চৰ যি অভাৱ আৰু বিভিন্ন সমস্যাৰ বাবে চৰকাৰ জৰিয়তে সহযোগিতা আগবঢ়াব বুলি শৰ্মাই সদৰি কৰে ।অসম নাট্য সন্মিলনৰ সভাপতি তথা বিশিষ্ট সাংবাদিক নৰেন হাজৰিকাই সভাপতিত্ব কৰা সভাত শিল্পী জান্তি দাস,শিল্পী বাবুল কলিতা,সমাজকৰ্মী ফণীন্দ্ৰ নাথ শৰ্মা,নাট্য কৰ্মী ডঃ ভাবেশ পাটগিৰি,নাট্য কৰ্মী দামোদৰ কলিতা,সাংবাদিক তথা সমাজকৰ্মী ৰমেন্দ্ৰ কুমাৰ ভূঞাক সন্মিলনে একোখন শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান যাচে । অনুষ্ঠানত মেয়ৰ মৃগেন শৰণীয়া,বিশিষ্ট নাট্যকৰ্মী মিফাটাবুদ্দিন আহমেদ,প্ৰভাত গোস্বামী আদি বহুকেইজন ব্যক্তি উপস্থিত থাকে ।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *