Monday , August 26 2019
শেহতীয়া খবৰ
Home / ফেশ্যন / ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিলে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে ফেশ্বনৰ পৃথিৱীত এজাক মূক বধিৰ কিশোৰ-কিশোৰী

ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিলে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে ফেশ্বনৰ পৃথিৱীত এজাক মূক বধিৰ কিশোৰ-কিশোৰী

 

ষ্টাফৰিপৰ্টাৰ, ১৪ আগষ্ট : প্ৰবল আত্মপ্ৰত্যয়েৰে ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ দিলে এদল বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে । সকলো বাধাগ্ৰস্ততাক নেওচি
ফেশ্বনৰ পৃথিৱীত এজাক মূক বধিৰ কিশোৰ-কিশোৰীৰ আত্মবিশ্বাসভৰা খোজত মূক হৈ পৰিল দৰ্শক । কেৱল ৰেম্পতেই নহয়, বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰা নাটকৰ দৃশ্যই আৱেগিক কৰি তুলিলে উপস্থিত লোকসকলক । বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত থকা শিল্পগ্ৰামত পষেকজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সম্ভাৱনা শীৰ্ষক কৰ্মশালাৰ আজি অন্তিম দিনা বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে অংশ লয় এটা বিশেষ ফেশ্বন শ্ব’ত । গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাত থকা চৰকাৰী ভাউৰী দেৱী মূক বধিৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই ৰেম্প ৱাকত অংশগ্ৰহণ কৰে । অনুষ্ঠানত নগাঁৱৰ বঢ়মপুৰত থকা দৃষ্টিহীন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা নাটকে সকলোকে আকৰ্ষিত কৰে । গুৱাহাটীৰ বশিষ্ঠত থকা দৃষ্টিহীন হাইস্কুলৰ ছাত্ৰ -ছাত্ৰীয়েও অনুষ্ঠান প্ৰদৰ্শন কৰে । ইয়াৰ পূৰ্বে অ’ এন জি চিৰ উদ্যোগত ৫০জন দৃষ্টিহীন ব্যক্তিক নেভিগেছন ষ্টিক প্ৰদান কৰা হয় । অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা দৃষ্টি প্ৰতিবন্ধী লোকসকলৰ মাজত এই ষ্টিকসমূহ বিতৰণ কৰে । অনুষ্ঠানত প্ৰাক্তন সাংসদ ৰমেন ডেকা, চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ শৰ্মা আৰু মডেলিং জগতৰ তাৰকা অমৃতা দত্তও উপস্থিত আছিল । সাংসদগৰাকীয়ে অনুষ্ঠানৰ অংশৰূপে সম্ভাৱনা শীৰ্ষক স্মৰণিকা এখনো মুকলি কৰে । আনহাতে ৰেম্প শ্ব’টোৰ কৰিঅ’গ্ৰাফী কৰে মিনু পলে । ডিজাইনাৰ আছিল মধুমিতা শৰ্মা আৰু ভাৰ্গৱ ডেকা । উল্লেখযোগ্য যে ৰাজ্যখনৰ বিশেষভাৱে সক্ষম শিশুসকলৰ শাৰীৰিক-মানসিক উত্তৰণৰ লগতে তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহৰ বিকাশ সাধন কৰিব পৰাকৈ এখন মঞ্চ দিয়াৰ উদ্দেশ্যে সংস্থাটোৰ ষষ্ঠ বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচী গ্ৰহণ কৰা হয় । ইয়াৰ পূৰ্বেও সংস্থাটোৱে দিব্যাংগজ্যোতি মহোৎসৱ তথা ৰাজ্যৰ ভিতৰতে প্ৰথম বাৰলৈ দৃষ্টিহীন খেলুৱৈৰ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল ।

About Staff Reporter

চাব পাৰে

শুৱালকুছিত প্ৰথম বাৰৰ বাবে সৌন্দৰ্য্য প্ৰতিযোগিতা সম্পন্ন

শুৱালকুছিত প্ৰথম বাৰৰ বাবে সৌন্দৰ্য্য প্ৰতিযোগিতা সম্পন্ন। অৰ্চনা বৰদলৈক মিছ আৰু বিপ্লৱ দাসক মিষ্টাৰ শুৱালকুছিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *