Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ফৰকাটিং উলুতলীৰ কণমানি আৰাধ্যাৰ মিছ কিডছ্ অল ইণ্ডিয়া ইন্টাৰনেশ্যনেল খিতাপ লাভ

ফৰকাটিং উলুতলীৰ কণমানি আৰাধ্যাৰ মিছ কিডছ্ অল ইণ্ডিয়া ইন্টাৰনেশ্যনেল খিতাপ লাভ

ফৰকাটিং উলুতলীৰ কণমানি আৰাধ্যাৰ মিছ কিডছ্ অল ইণ্ডিয়া ইন্টাৰনেশ্যনেল খিতাপ লাভ : মীনাক্ষী ফুকন।। গোলাঘাট। সুন্দৰে যে ফুলাৰ মন্ত্ৰ আহোৰাত্ৰি মাতে সেইয়েহে আজি……. ইমান ফুল প্ৰভাতে প্ৰভাতে…. সুন্দৰ খবৰে সদায় আনে আনন্দৰ জোৱাৰ। তেনে এটি খবৰে গোলাঘাট চহৰলৈও আনন্দৰ জোৱাৰ আনিছে। যোৱা ৭ জুলাই ২০১৯ তাৰিখ, গুৱাহাটীৰ মাছখোৱাত গামোছা এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডে আয়োজন কৰা অল ইণ্ডিয়া ইন্টাৰনেশ্যনেল ষ্টাৰ আইকন চিজন -৩ অংশ গ্ৰহণ কৰি গোলাঘাট উলুতলী গাঁৱৰ কণমানি আৰাধ্যা শ্ৰেয়াদিনী দত্তই সন্মানীয় মিছ কিডছ্ অল ইণ্ডিয়া ইন্টাৰনেশ্যনেল গ্ল’ৱ – ২০১৯ খিতাপ লাভ কৰি গোলাঘাটৰ লগতে সৰু গাঁওখনলৈ অনন্য গৌৰৱ কঢ়িয়াই আনিছে। পিতৃ – মাতৃৰ কৰ্মসূত্ৰে বৰ্তমান বঙাইগাঁওত থকা আৰাধ্যা লিটল ফ্লাৱাৰ স্কুল বঙাইগাঁও ৰ ইউ কে জি ত পঢ়ি আছে। এই প্ৰতিভাসম্পন্ন কণমানি আৰাধ্যাই ইয়াৰ পূৰ্বেও মাত্ৰ আঢ়ৈ বছৰ বয়সত অল ইণ্ডিয়া গ্লেমাৰ পেটাইল – ২০১৮ ৰ ৰাণাৰ আপ খিতাপ আৰু মিছ কিডছ্ বঙাইগাঁও ২০১৯ ৰ খিতাপ দখল কৰি ভৱিষ্যত দিনত সৌন্দৰ্যৰ জগতখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। অভিযন্তা পিতৃ ৰূপম জ্যোতি দত্ত আৰু মাতৃ সুস্মিতা বড়া দত্ত ই সন্তানৰ এনে সাফল্যত উৎসাহিত হোৱাৰ লগতে আগন্তক দিনত আৰাধ্যাৰ গ্লেমাৰ জগতখনত অধিক সফলতাৰ আশা পুঁহি ৰাখিছে।

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *