Tuesday , November 20 2018
Home / আঞ্চলিক / বকোৰ চুকুনীয়াপাৰাত ভয়াংকৰ পথ দুৰ্ঘটনা :: ইণ্ডিকা আৰু ৱেগেনাৰৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত থিতাতে নিহত ৩ আৰু সাতজন আহত

বকোৰ চুকুনীয়াপাৰাত ভয়াংকৰ পথ দুৰ্ঘটনা :: ইণ্ডিকা আৰু ৱেগেনাৰৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত থিতাতে নিহত ৩ আৰু সাতজন আহত

বকো, ৯ নৱেম্বৰ:: কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত চুকুনীয়াপাৰাত আজি সংঘটিত হয় এক ভয়াংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত তিনিজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় আন কেবাজনো লোক ৷ প্ৰাপ্ত বাতৰি মতে, এ এচ ০১ এ কিউ ১৩৪০ নম্বৰৰ টাটা ইণ্ডিকা আৰু এ এচ ০১ জি চি ৮৬৫০ নম্বৰৰ মাৰুতি ৱেগনাৰৰ মাজত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চুকুনীয়াপাৰাত সংঘটিত হয় মুখামুখি সংঘৰ্ষ ৷ উল্লেখ্য, মাৰুতি ৱাগনাৰখন  গোৱালপাৰা  অভিমুখে আৰু টাটা ইণ্ডিকা ভিষ্টা খন   ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পৰা গুৱাহাটী মুখি গৈ থকা   অৱস্থাত বাহন দুখনৰ মাজত এই মুখামুখী সংঘৰ্ষ হয় ৷ ফলত থিতাতে দুজন আৰোহী নিহত হোৱাৰ বিপৰীতে বকো চিকিৎসালয়ত গুৰুতৰভাৱে আহত এজনৰ মৃত্যু হয় ৷ দুৰ্ঘটনাটোৰ সম্পৰ্কত বকো আৰক্ষীয়ে খৱৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত লোকসকলোক বকো চিকিৎসালয়ত ভৰ্তি কৰায় ৷ আৰক্ষী সূত্ৰে জানিব পৰামতে, আহত লোক কেইজন হৈছে ধুবুৰীৰ শ্যাম সুন্দৰ, বিলাসীপাৰাৰ মনিষ পাল (২৫), চন্দ্ৰ কৰ্মকাৰ,ধাৰাপুৰ-আজাৰাৰ শ্ৰেয়া কিশোৰসিং(১১),প্ৰৱীণকিশোৰসিং (৩৫)

(মহিলা),আৰিয়ান কিশোৰ সিং(১৩)। আনহাতে আন এক দুৰ্ঘটনাত বকো শাখাতি গোপালপুৰৰ

প্ৰমোদ খাখলাৰী (৫০) বছৰীয়া লোকজন দুৰ্ঘটনা পতিত হয়  ৷ ইফালে, গুৰুতৰভাৱে আহতসকলক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷দুৰ্ঘটনাটোত নিহত হোৱা লোক এজন হৈছে–বিলাসীপাৰাৰ দেবাশিষ পাল(৪৫),৷

About Staff Reporter

চাব পাৰে

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন       ষ্টাফৰিপৰ্টাৰ, তথ্য আৰু জনসংগযোগ সঞ্চালকালয়ৰ উদ্যোগত শিৱসাগৰত ৰাজ্যিক …

Leave a Reply

Your email address will not be published. Required fields are marked *