Saturday , March 23 2019
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / বগীবিল দলং মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

বগীবিল দলং মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

 

ষ্টাফৰিপৰ্টাৰ, ২৫ ডিচেম্বৰ, বগীবিল দলং মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ প্ৰসংগত কয়
‘আজি অসমবাসীৰ বাবে এক ঐতিহাসিক দিন।”
অসমীয়াতে অসমবাসীক সম্বোধন প্ৰধানমন্ত্ৰীয়ে
আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালে অসমবাসীক। মোদীৰ মুখত সুধাকণ্ঠ, লাচিত বৰফুকন, চিলাৰায়ৰ নাম, চাওলুং চ্যুকাফা, সতী জয়মতীকো স্মৰণ মোদীৰ, দীপালী বৰঠাকুৰলৈও শ্ৰদ্ধাঞ্জলি নৰেন্দ্ৰ মোদীৰ।’আজি অটল বিহাৰী বাজপেয়ীৰো জন্মদিন’
এই দিনটোক সুশাসন দিৱস হিচাপে পালন কৰা হৈছে’
‘আজিৰ পৱিত্ৰ দিনটোতে মুকলি হ’ল বগীবিল দলং’
* ‘এইখন দেশৰ দীৰ্ঘতম ৰে’ল-স্থলপথযুক্ত দলং’।
* ‘দেশৰ সামৰিক শক্তিতো অৰিহণা যোগাৱ এই দলঙে’
* ‘বগীবিল দলং কেৱল মাত্ৰ এখন দলং নহয়’
* ‘লাখ লাখ লোকক সংযুক্ত কৰিবলগীয়া জীৱনৰেখা’।
* ‘২৪ ঘণ্টাৰ যাত্ৰা এতিয়া ৫-৬ ঘণ্টাতে কৰিব পাৰিব’।
* ‘পূৰ্বে লখিমপুৰ-ধেমাজিৰ লোকে নাৱেৰে যাত্ৰা কৰিছিল’
* ‘যি সপোন দেখি দেখি এটা প্ৰজন্ম গুচি গ’ল’
* ‘সেই সপোন আজি বাস্তৱত ৰূপায়িত হৈছে’
* দলংখনৰ নিৰ্মাণত জড়িত সকলোকে শুভেচ্ছা মোদীৰ
* ‘বিগত চাৰে চাৰি বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এইখন তৃতীয় দলং।
* ‘স্বাধীনতাৰ পিছত ব্ৰহ্মপুত্ৰৰ ওপৰত তিনিখন দলং হৈছিল’
* ‘বিগত চাৰে চাৰি বছৰত আমি তিনিখন দলং নিৰ্মাণ কৰিছো’।
* ‘বিকাশৰ এই গতিয়ে উত্তৰ-পূবৰ ছবি সলনি কৰিব’।
* ‘অটল বিহাৰী বাজপেয়ীৰ দিনত কাম আৰম্ভ হৈছিল’।
* ‘অটলজীৰ চৰকাৰ যোৱাৰ পিছত স্থবিৰ হৈছিল নিৰ্মাণকাৰ্য’।
* ‘বাজপেয়ীৰ চৰকাৰ থাকিলে ২০০৮ চনতে দলংখন সম্পূৰ্ণ হ’লহেঁতেন’
* ‘অটলজীৰ জন্মদিনত তেওঁৰ সপোন পূৰ্ণ কৰি শ্ৰদ্ধাঞ্জলি জনাইছো’
* ‘আপোনাৰ আনন্দ দেখি শান্তি লাভ কৰিব অটলজীৰ আত্মাই’।
* ‘আজি দেশৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰখনে নতুন গতি লাভ কৰিছে’।
* ‘অসমত বহু প্ৰকল্প বছৰ বছৰ ধৰি আধৰুৱা হৈ আছিল’।
* ‘প্ৰায় ৭০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ চাৰে চাৰি বছৰত সম্পূৰ্ণ’।
* ‘ৰে’ল লাইন বৈদ্যুতিকৰণ, গুৱাহাটী-তিনিচুকীয়া গেছ পাইপ লাইনৰ কাম চলিছে’
* ‘অসমত শীঘ্ৰে সম্পূৰ্ণ হ’ব এইমছ ৰ নিৰ্মাণকাৰ্য’।
* ‘দ্ৰুত ইণ্টাৰনেট সেৱাৰ বাবে ইণ্টাৰনেচনেল ছাবমেৰিন কেবল ত্ৰিপুৰা পাইছে’
* ‘শীঘ্ৰে অসমতো হ’ব ইণ্টাৰনেচনেল ছাবমেৰিন কেবল সেৱা’।
* ‘উত্তৰ-পূৰ্ব বিকাশ হ’লেহে ভাৰতৰ বিকাশ হ’ব’।
* ‘সেয়েহে ৭০ হাজাৰ কোটি টকাৰ পথ নিৰ্মাণৰ কাম চলি আছে’।
* ‘উত্তৰ-পূবত চলিছে ৫,৫০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম’।
* ‘২৫০০ কিলোমিটাৰ পথ ইতিমধ্যে সম্পূৰ্ণ হৈছে’।
* ‘২-৩ বছৰত উত্তৰ-পূবৰ সকলো ৰাজ্যৰ ৰাজধানীক ব্ৰডগজ ৰে’লসেৱাৰে সামৰাৰ লক্ষ্য’।
* ‘উত্তৰ-পূবৰ সকলো ৰে’ললাইন ব্ৰডগজলৈ পৰিৱৰ্তন কৰা হৈছে’।
* ‘১৯টা নদীপথৰ কাম চলি আছে’।
* ‘ব্ৰহ্মপুত্ৰ-বৰাকৰ যোগেদি ইনলেণ্ড ৱাটাৰ প’ৰ্ট নিৰ্মাণ হৈ আছে’।
* ‘উজ্বলা আঁচনিৰ যোগেদি ২৪ লাখ গেছ সংযোগ অসমত’।
* ‘আজি অসমত ৮০ শতাংশ লোকৰ ঘৰত গেছ সংযোগ’
* ‘প্ৰায় ৩২ লাখ শৌচালয় নিৰ্মাণ কৰা হৈছে অসমত’
* ‘সৌভাগ্য আঁচনিৰ যোগেদি ১২ লাখ পৰিয়ালক বিনামূলীয়া বিজুলি সেৱা’
* ‘৭ লাখ চাহ বাগিচাৰ লোকে লাভ কৰিছে বেংক একাউণ্ট’
* ‘গৰীৱ-মধ্যমবিত্তৰ পৰিয়ালৰ আটাইতকৈ লোকচান কৰে ভ্ৰষ্টাচাৰে’
* ‘ভ্ৰষ্টাচাৰে দেশৰ বিকাশৰ গতি ৰুদ্ধ কৰে’।
* ‘আমাৰ চৰকাৰে গৰীৱক অধিকাৰ প্ৰদান কৰিছে’।
* ‘ক’লা ধন, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুঁজিছে আমাৰ চৰকাৰে’।
* ‘১ কোটি ২৫ লাখৰো অধিক পৰিয়ালক ঘৰ প্ৰদান’
* ‘বেনামী সম্পত্তি আইনৰ অধীনত ভ্ৰষ্টাচাৰীৰ ৮ হাজাৰ কোটি টকাৰ বাংলো-গাড়ী জব্দ’।
* ‘৩.৫ লাখ অবৈধ কোম্পানীৰ পঞ্জীয়ন বাতিল কৰা হৈছে’।
* ‘চাৰিবছৰ পূৰ্বে কোনেও ভবা নাছিল হেলিকপ্টাৰ কেলেংকাৰীৰ নায়ক জে’ললৈ যাব’।
* ‘যেতিয়া ব্যৱস্থাত পাৰদৰ্শিতা থাকে, ভ্ৰষ্টাচাৰ নিৰ্মূল হয়’
* ‘প্ৰধানমন্ত্ৰী মোদীৰ মুখত ধিং এক্সপ্ৰেছ হিমা দাসৰ নাম’
* ‘হিমা দাসৰ দৰে বহু যুৱতী আজি আত্মবিশ্বাসৰ প্ৰতীক’
* ‘আমি এখন নতুন ভাৰত নিৰ্মাণৰ প্ৰয়াস কৰি আছো’
* ‘আত্মীয়-স্বজনৰ বাবে নহয়, দেশ-সমাজৰ বাবে কাম কৰিছো’
* ‘আমি সকলোৱে মিলি আই অসমী, ভাৰত মাতাক উন্নতিৰ শিখৰলৈ লৈ যাম’।’

About Staff Reporter

চাব পাৰে

পঞ্চভূতত বিলীন হ’ল মনোহৰ পাৰিকৰ

ষ্টাফৰিপৰ্টাৰ, ১৮ মাৰ্চ, পঞ্চভূতত বিলীন হ’ল মনোহৰ পাৰিকৰৰ নশ্বৰ দেহ। সোম বাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে পাৰিকৰৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *