Saturday , January 18 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁও ঈদগাহ ময়দানত ঈদ উল আজহাৰ সমূহীয়া নামাজ

বঙাইগাঁও ঈদগাহ ময়দানত ঈদ উল আজহাৰ সমূহীয়া নামাজ

বঙাইগাঁও ঈদগাহ ময়দানত ঈদ উল আজহাৰ সমূহীয়া নামাজ

বঙাইগাঁওঃ ১২ আগষ্টঃ সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষৰ লগতে আজি বঙাইগাঁৱতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল আজহাৰ পালন কৰে ৷ এই উপলক্ষে পুৱা ইছলাম ধৰ্মৰ লোকসকলে ঈদ উল আজহাৰ সমূহীয়া নামাজ আদায় কৰে । বঙাইগাঁও চহৰৰ বঙাইগাঁও ঈদগাহ ময়দানত পুৱা ৮ বজাত লোকসকলে সমূহীয়াভাৱে ঈদ উল আজহাৰ নামাজ আদায় কৰে। এই ঈদ উল আজহাৰ নামাজৰ ইমামতি কৰে মৌলানা হাছান আলীয়ে। ঈদৰ নামাজত চহৰখনৰ কেবা সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোকে সমূহীয়াকৈ অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়। নামাজৰ অন্তত ধৰ্মীয়গুৰু মৌলানা হাছান আলীয়ে খুতবা পাঠত হজৰ তাৎপর্য, কোৰবাণীৰ ওপৰত বিতং ব্যাখ্যা আগবঢ়ায়। লগতে ইমাম মৌলানা আলীয়ে অসম তথা ভাৰতবৰ্ষৰ একাধিক জাতি জনগোষ্ঠীৰ মাজত সমন্বয়-ভাতৃত্ববোধ স্থাপনৰ উপৰিও বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা কৰে।

About Staff Reporter

চাব পাৰে

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়ক- ইছলামী সাহিত্য সভা-জে এন ইউ কাণ্ডৰ বিৰোধিতা

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়কৰ লগতে ইছলামী সাহিত্য সভা আৰু জে এন …

Leave a Reply

Your email address will not be published. Required fields are marked *