Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁও জিলাই লাভ কৰিলে ৰাজ্য চৰকাৰৰ বিশেষ বঁটা

বঙাইগাঁও জিলাই লাভ কৰিলে ৰাজ্য চৰকাৰৰ বিশেষ বঁটা

‘পোষণ মাহৰ’ মাহৰ সফল ৰূপায়ণ

বঙাইগাঁও জিলাই লাভ কৰিলে ৰাজ্য চৰকাৰৰ বিশেষ বঁটা

বঙাইগাঁওঃ ১০ নৱেম্বৰঃ অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে পালন কৰা ‘পোষণ মাহ’ৰ কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত দেখুৱা কৃতকাৰ্যতাৰ বাবে শনিবাৰে বঙাইগাঁও জিলাই ৰাজ্য চৰকাৰৰ পৰা এক বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে পোষণ মাহৰ শেষ দিনটোত অৰ্থাৎ ৩০ ছেপ্টেম্বৰত বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে উদ্যোগ লোৱা ‘ পোষণৰ বাবে উদ্ভিদ’ শীৰ্ষক ‘ পাকঘৰ বাগিচা স্থাপন ‘ৰ বাবে আগবঢ়োৱা উত্তম সেৱাৰ বাবে বঙাইগাঁও জিলাই এই বঁটাটো লাভ কৰিছে ৷ সমাজ কল্যাণ বিভাগ , কৃষি বিভাগ আৰু বন বিভাগৰ লগত একত্রিত হৈ এই কাৰ্যসূচী আৰম্ভ কৰা হৈছিল । ইয়াৰ অংশ হিচাপে শিশু সকলে যাতে সহজতে পুষ্টিকৰ খাদ্য খাবলৈ পোৱাত সহায়ক হয়, তাৰ বাবে অংগনৱাড়ী কেন্দ্ৰবোৰত ৰোপনৰ বাবে সকলো অংগনৱাড়ী কৰ্মী সকলৰ মাজত জৈৱ শাক- পাচলিৰ বীজ আৰু গছ পুলি বিতৰণ কৰা হৈছিল । শনিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পৰা বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান আৰু জিলা সমাজ কল্যাণ বিষয়া হেমী বৰা তথা সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীসকলে এই বঁটাটি গ্ৰহণ কৰে । অনুষ্ঠানত সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম তথা বিভাগটোৰ বিষয়াসকল উপস্থিত আছিল । উল্লেখ্য যে বঙাইগাঁও জিলাত পোষণ মাহৰ সময়ত গঢ় লৈ উঠা ধাৰাটোক আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰতিক বুধবাৰে স্বাস্থ্য- সমৃদ্ধি সমাৰোহ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । এই কাৰ্যসূচীৰ জৰিয়তে শিশু আৰু মাতৃৰ স্বাস্থ্যৰ লগত সম্পৰ্কিত বিভিন্ন সূচকৰ উন্নতি আৰু গৰ্ভৱতী মহিলা , প্ৰসূতি মহিলা, মাতৃ আৰু কিশোৰী কন্যাসকলৰ বিশেষ যত্ন লোৱাৰ বাবে তেওঁলোকৰ সৰ্বাধিক উপস্থিতি আৰু সমূহীয়া অংশ গ্ৰহণ নিশ্চিত কৰা হৈছে । জিলাখনৰ প্ৰত্যেক গৰাকী অংগনৱাড়ী কৰ্মী, তত্ত্বাৱধায়ক আৰু শিশু উন্নয়ন প্ৰকল্প বিষয়া তথা এই অভিযানৰ লগত জড়িত থকা সকলো কৰ্মচাৰীৰ লগতে বিভাগীয় কৰ্মচাৰী সকলৰ আপ্ৰাণ প্ৰচেষ্টাৰ প্ৰশংসা কৰি জিলা উপায়ুক্ত আদিল খানে এই বঁটাই জিলা প্ৰশাসনৰ সকলো বিভাগক অাৰু অধিক উন্নত প্ৰদৰ্শন তথা কৰ্ম সম্পাদন কৰাৰ বাবে উৎসাহিত কৰিব বুলি আশা ব্যক্ত কৰে ৷

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *