Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁও জিলাৰ ঔডুবি বজাৰত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতা সমদল

বঙাইগাঁও জিলাৰ ঔডুবি বজাৰত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতা সমদল

বঙাইগাঁও জিলাৰ ঔডুবি বজাৰত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে সজাগতা সমদল

বঙাইগাঁও ১৬ ছেপ্তেম্বৰ: ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশৰূপে পুষ্টিপূৰ্ণ এখন সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এমাহজোৰা ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষ্যে আজি পুৱা ৮.৩০ বজাত বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত ঔডুবি বজাৰ পৰা এক সজাগতা সমদল উলিওৱা হয় ৷ বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত উলিওৱা সমদলৰ আতঁ ধৰে জিলা সমাজ কল্যাণ বিষয়া হেমী বৰাই ৷ আনহাতে এই সজাগতা সমদলৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে ৩৫ নং দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোয়ে ৷ ইয়াৰ পূৰ্বে ‘এনিমিয়া’ ৰোগ সন্দৰ্ভত ৰাইজৰ মাজত সজগতা সৃষ্টিৰ অৰ্থে বজাৰখনত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয় । সজাগতা সমদলটো ঔডুবি বজাৰৰ পৰা কচুদোলা হাইস্কুললৈ উলিওৱা হয় । ইয়াৰ পিচতে কচুদোলা হাইস্কুলত বিধায়ক অনন্ত কুমাৰ মালোৰ দ্বাৰা এখন খাদ্য মেলাও উদ্বোধন কৰা হয় । সমদলত প্ৰায় শতাধিক অংগনবাড়ী কৰ্মী -সহয়িকা , আশা কৰ্মী, বিদ্যালয় সমূহৰ শিক্ষয়িত্রী , স্বেচ্ছাসেৱী সংগঠন , ছুপাৰভাইজৰ আদি সকলে অংশ গ্ৰহণ কৰে । অংশগ্ৰহণকাৰী সকলে সুষম আহাৰ গ্ৰহণ কৰক, সুস্বাস্থ্য অটুট ৰাখক , ডায়েৰীয়া প্ৰতিৰোধ কৰক, খোৱাৰ আগতে চাৱনৰে হাত ভালদৰে ধোৱাৰ অভ্যাস গঢ়ি তোলক , ৰক্তহীনতাৰ পৰা শিশু -মাতৃক ৰক্ষা কৰক , বাল্য বিবাহ বন্ধ কৰক, মুক্তভাবে শৌচ-প্ৰস্ৰাৱ কৰা বন্ধ কৰক, পলিঅ মুক্ত অসম গঢ়ক , জন্মৰ লগে লগে শিশুক মাতৃদুগ্ধ পান কৰোৱাক আদি শ্লগান লিখা প্লেকাৰ্ড হাতে হাতে লৈ ঔডুবি বজাৰ পৰা কচুডোলা হাইস্কুলত উপস্থিত হয় । এই সমদল কাৰ্যসূচীত বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান উপস্থিত থাকি কৰ্মী- সহায়িকা আৰু ছুপাৰভাইজৰ সকলক উৎসাহ জগায় ৷ সজাগতা কাৰ্যসূচীৰ পিচতে এনএইচএময়ে যুটীয়াভাবে আয়োজন কৰা এখন সজাগতা সভাতো জিলা উপায়ুক্তগৰাকীয়ে ভাগ লয় । সভাত বিধায়ক অনন্ত কুমাৰ মালো, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱ জ্যোতি দাস , জিলা সমাজ কল্যাণ বিষয়া হেমী বৰা আৰু স্বাস্থ্য বিভাগৰ বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে ৷

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *