Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁও জিলাৰ কচুদোলাত মেগা স্বাস্থ্য সেৱা শিবিৰ

বঙাইগাঁও জিলাৰ কচুদোলাত মেগা স্বাস্থ্য সেৱা শিবিৰ

বঙাইগাঁও জিলাৰ কচুদোলাত মেগা স্বাস্থ্য সেৱা শিবিৰ

ওঠৰ শতাধিক লোকক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা- ঔষধ বিতৰণ

বঙাইগাঁওঃ ১৬ ছেপ্তেম্বৰঃ বঙাইগাঁও জিলাৰ কচুদোলাত সোমবাৰে এক মেগা স্বাস্থ্য সেৱা শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও নৌকা স্বাস্থ্য সেৱাৰ উদ্যোগত আৰু বইটামাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত কচুদোলা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এই মেগা স্বাস্থ্য সেৱা শিবিৰৰ শুভ উদ্বোধন কৰে দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৱে ৷ উদ্বোধনী অনুষ্ঠানত বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খান, স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰী, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ছাদুল্লা খান, জিলা সমাজ কল্যাণ বিষয়া হেমী বৰা , জিলা শিশু সুৰক্ষা বিষয়া, জনস্বাস্থ্য বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযাৰ কৰ্মচাৰীসকল উপস্থিত থাকে ৷ অনুষ্ঠানত জিলা উপায়ুক্ত আদিল খানে সকলো লোককে ৰোগমুক্ত কৰাই চৰকাৰৰ লক্ষ্য বুলি প্ৰকাশ কৰি পৰিয়াল পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিবলৈ অঞ্চলবাসীক আহ্বান জনায়৷ তেওঁ কয় যে স্বাস্থ্য বিভাগৰ আঁচনিসমূহৰ সুফল পাবলৈ হ’লে আশা আৰু এএনএম কৰ্মী সকলক আৰু কিছু কষ্ট কৰিবলৈ আহ্বান জনায়৷ বিশেষকৈ প্ৰসৱৰ পূৰ্বৰ পঞ্জীয়ন বৃদ্ধি আৰু ঘৰত প্ৰসৱৰ সংখ্যা হ্ৰাস কৰি চিকিৎসালয়ত প্ৰসৱৰপ্ৰসৱ হাৰ ১০০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্যত উপনীত হ’বলৈ তেওঁলোকৰ সহযোগিতা কামনা কৰে উপায়ুক্তগৰাকীয়ে ৷ আনহাতে বাল্য বিবাহৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি ইয়াৰ ফলত কিশোৰী প্ৰসূতি আৰু সন্তানৰ স্বাস্থ্যৰ প্ৰতি আহিব পৰা ভাবুকিৰ বিষয়েও ৰাইজক অৱগত কৰে ৷ জিলা উপায়ুক্ত আদিল খানে লগতে কয় যে বাৰিষা বানাক্ৰান্ত অঞ্চলত হ’ব পৰা ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে জিলাখনত মুঠ ১৫ খনকৈ মেগা স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত কৰা হ’ব আৰু স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্যৰ লগত জড়িত আন বিভাগসমূহকো জড়িত কৰি এই শিৱিৰসমূহ আয়োজন কৰা হৈছে বুলিও কয় ৷ ইয়াৰ দ্বাৰা ভিতৰুৱা অঞ্চলৰ ৰাইজসকল বিশেষভাৱে উপকৃত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ এই স্বাস্থ্য শিবিৰত অঞ্চলটোৰ ১,৮২৩ গৰাকী লোকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়৷ সেইদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভ্ৰাম্যমাণ পৰীক্ষা কেন্দ্ৰৰ দ্বাৰা পানীৰ নমুনাও পৰীক্ষা কৰে৷ ইয়াৰ উপৰিও স্বাস্থ্য বিভাগৰ আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ বাবে বিভিন্ন ষ্টলৰ প্ৰদৰ্শন কৰা হয়৷ সমাজ কল্যাণ বিভাগেও পোষণ অভিযানৰ বিষয়ে আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে স্বচ্ছ ভাৰত অভিযানৰ বিষয়ে ষ্টল প্ৰদৰ্শন কৰে৷ লগতে অনুষ্ঠিত হয় সজাগতা সভা ৷

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *