Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁও জিলাৰ গেৰুকাবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান

বঙাইগাঁও জিলাৰ গেৰুকাবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান

বঙাইগাঁও জিলাৰ গেৰুকাবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান

জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাকঃ দুজনক আটক

বঙাইগাঁওঃ ১০ছেপ্টেম্বৰঃ বঙাইগাওঁ জিলাৰ বিজনী গেৰুকাবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা আৰক্ষীয়ে অভিযান। চলাই এখন চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে ৷ জানিব পৰা মতে গেৰুকাবাৰী উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা এ এচ ০৯ এ চি ৭১৩৪ নম্বৰৰ ট্ৰাকখনে চোৰাং কাঠখিনি তিৰ্পালেৰে ঢাকি চিৰাং জিলাৰ কাজলগাঁৱৰ পৰা বৰপেটাৰ সৰভোগ অভিমুখে কঢ়িয়াইলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে চলোৱা অভিযানত ট্ৰাকখন জব্দ হয় ৷ আৰক্ষীয়ে চোৰাং কাঠ ভৰ্তি ট্ৰাকখনৰ গৰাকী আনেচ আলী আৰু চালক চাইদুল আলীকো আটক কৰে । ট্ৰাকখনৰ গৰাকী আৰু চালক দুয়োৰে ঘৰ সৰভোগত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ট্ৰাকখনৰ গৰাকী আৰু চালকে ভুৱা চালানেৰে কেইবা লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ খিনি বৰপেটা ৰোডলৈ লৈ গৈ আছিল বুলি উক্ত ভুৱা চালান খনত উল্লেখ আছে। পিছত গেৰুকাবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে জব্দ কৰা ট্ৰাকসহ চোৰাংকাঠখিনিৰ লগতে আটক কৰা আন্নেচ আলী আৰু চাইদুল আলীক বঙাইগাঁও বন বিভাগৰ হাতত চমজাই দিয়ে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *