Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত মেগা স্বাস্থ্য সেৱা শিবিৰ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত মেগা স্বাস্থ্য সেৱা শিবিৰ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত মেগা স্বাস্থ্য সেৱা শিবিৰ

বঙাইগাঁওঃ ১০ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ সৃজনগ্ৰামত সোমবাৰে এক মেগা স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত হয় ৷ সৃজনগ্ৰাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মেৰেৰচৰ ডুবাচুৰি এম ই মাদ্ৰাছাত অনুষ্ঠিত এই স্বাস্থ্য সেৱা শিবিৰৰ উদ্বোধন কৰে দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালোৱে৷ অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰী, জিলা শিশু সুৰক্ষা বিষয়া, উত্তৰ শালমৰাৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, সৃজনগ্ৰামৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া, মেৰেৰচৰৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু সদস্যৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে ৷ এই সজাগতা সভাত বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰতো সজাগতা সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ৷ সেইদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে পানীৰ নমুনাও পৰীক্ষা কৰে৷ উল্লেখ্য যে বঙাইগাঁও জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত আয়োজিত এই স্বাস্থ্য সেৱা শিবিৰত মুঠ ৯৮৭ গৰাকী ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয়৷ প্ৰতিটো বিভাগৰে বহিঃসেৱা কেন্দ্ৰৰ দ্বাৰা ৰোগীসকলক চিকিৎসা সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰা হয়৷ ইপিনে ইয়াৰ লগত সংগতি ৰাখি এখন সজাগতা সভাৰো আয়োজন কৰা হয়৷ লগতে বিভিন্ন ষ্টলৰ দ্বাৰা স্বাস্থ্য বিভাগৰ কাম-কাজ প্ৰদৰ্শন কৰা হয়৷ ইতিমধ্যে এই মেগা স্বাস্থ্য সেৱা শিবিৰৰ বিষয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা অঞ্চলটোত মাইকযোগে ব্যাপক প্ৰচাৰ চলোৱা হৈছিল ৷

About Staff Reporter

চাব পাৰে

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *