Tuesday , January 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁও জিলাৰ ২ নং জামদোহাত মেগা স্বাস্থ্য সেৱা শিবিৰ

বঙাইগাঁও জিলাৰ ২ নং জামদোহাত মেগা স্বাস্থ্য সেৱা শিবিৰ

বঙাইগাঁও জিলাৰ ২ নং জামদোহাত মেগা স্বাস্থ্য সেৱা শিবিৰ

এঘাৰ শতাধিক লোকক চিকিৎসা প্ৰদান

বঙাইগাঁওঃ১২ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত গেৰুকাবাৰীৰ নিকটৱৰ্তী ২ নং জামদোহাত আজি এক মেগা স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা স্বাস্থ্য সমিতি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত ৮৪৮ নং জামদোহা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰটো স্বাস্থ্য বিভাগৰ দায়িত্বত থকা জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে শুভ উদ্বোধন কৰে ৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীৰ লগতে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে ৷ এই স্বাস্থ্য শিবিৰত অ-সংক্ৰমিত ৰোগৰ বিশেষ পৰীক্ষাও কৰা হয় ৷ স্বাস্থ্য শিবিৰত মুঠ এঘাৰ শতাধিক ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয় ৷ লগতে প্ৰতিটো বিভাগৰে বহিঃসেৱা কেন্দ্ৰৰ দ্বাৰা ৰোগীসকলক চিকিৎসা সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰা হয় ৷ উল্লেখ্য যে স্বাস্থ্য শিবিৰৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত এখন সজাগতা সভাৰো আয়োজন কৰা হয় ৷ লগতে বিভিন্ন ষ্টলৰ দ্বাৰা স্বাস্থ্য বিভাগৰ কাম-কাজ প্ৰদৰ্শন কৰা হয় ৷

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটৰ টুপীয়াত গণৰাজ্য দিৱসত বিধায়ক পদ্মই সম্বৰ্ধনা জনালে বয়োজেষ্ঠক

#জামুগুৰিহাটৰ টুপীয়াত গণৰাজ্য দিৱসত বিধায়ক পদ্মই সম্বৰ্ধনা জনালে বয়োজেষ্ঠক৷ #হলি চাইল্ড ইংলিচ স্কুলতো উদযাপন গণৰাজ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *