Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত বানপানীৰ ক্ষয়-ক্ষতি সন্দৰ্ভত ধনৰ আৱন্টন বিচাৰি পৰ্যালোচনা সভা

বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত বানপানীৰ ক্ষয়-ক্ষতি সন্দৰ্ভত ধনৰ আৱন্টন বিচাৰি পৰ্যালোচনা সভা

বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত বানপানীৰ ক্ষয়-ক্ষতি সন্দৰ্ভত ধনৰ আৱন্টন বিচাৰি পৰ্যালোচনা সভা

বঙাইগাঁওঃ১৭ছেপ্টেম্বৰঃ সমগ্ৰ ৰাজ্যখনৰ লগতে বঙাইগাঁও জিলাখনতো শেহতীয়াভাৱে হৈ যোৱা ভয়াৱহ বানৰ সময়ত বিভিন্ন বিভাগে খৰচ কৰা ধনৰ আৱন্টন বিচাৰি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ওচৰত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ পুঁজি বিচাৰি দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত পৰীক্ষা- নিৰীক্ষা কৰাৰ বাবে মঙলবাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত আদিল খানৰ সভাপতিত্বত অনুষ্ঠিত পৰ্যালোচনা সভাত জিলাখনত শেহতীয়াভাৱে হৈ যোৱা বানত ক্ষয়-ক্ষতি হোৱা অঞ্চল সমূহৰ বাট-পথ, দলং, ঘৰ-বাৰী, নদীৰ মথাউৰি আৰু বিদ্যালয় আদিৰ মেৰামতিৰ লগতে বানাক্ৰান্ত সকলে শিবিৰত আশ্ৰয়লৈ থকা অৱস্থাত যোগান ধৰা খাদ্য সামগ্ৰী আদিৰ বাবে বিভিন্ন বিভাগে খৰচ কৰা ধনৰ আৱন্টন বিচাৰি জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ওচৰত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ ধনৰ অনুমোদনৰ বাবে দাখিল কৰা প্ৰতিবেদন পৰীক্ষা -নিৰীক্ষা কৰা হয় ৷ উল্লেখ্য যে প্ৰথম বাৰৰ বাবে ক্ষতিগ্ৰস্ত হোৱা ঘৰসমূহৰ ক্ষয়-ক্ষতিৰ আগতীয়া অনুমোদন উপায়ুক্তৰ জৰিয়তে অনুমোদিত কৰা হৈছিল আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত ধনৰ অনুমোদনৰ বাবে চৰকাৰলৈ পুঁজি আৱন্টনৰ বাবে প্ৰতিবেদন প্ৰেৰণ কৰা হৈছে । পূৰ্ব্বে এই ব্যৱস্থাটো দীৰ্ঘ সময় ধৰি চলি আহিছিল আৰু গৃহৰ ক্ষয়-ক্ষতিৰ বাবে দাবী আৰু বিপৰীত দাবী সম্পৰ্কত বহু অভিযোগ আহিছিল । সেইবাবে এইবাৰ দণ্ডাধীশ পৰ্যায়ৰ এটা বিশেষ দল গঠন কৰা হৈছিল আৰু গৃহ সমূহৰ ক্ষয়-ক্ষতিৰ জৰীপ বানপানী হ্ৰাস হোৱাৰ লগে লগে কৰা হৈছিল । লগতে ক্ষতিগ্ৰস্ত হোৱা গৃহ বিলাকৰ যাতে কোনো ধৰণৰ জালিয়াতি বা সালসলনি কৰিব নোৱাৰে তাৰ বাবে জিঅ’ টেগিং কৰা হৈছিল ৷ এই সভাত জলসম্পদ , কৃষি , গড়কাপ্তানী, স্বাস্থ্য শিক্ষা, মীন , জনস্বাস্থ্য কাৰিকৰী আৰু সমাজ কল্যাণ বিভাগকে ধৰি সংশ্লিষ্ট বিভাগ সমূহে দাখিল কৰা ধনৰ অনুমোদনৰ প্ৰতিবেদন সমূহ পৰ্যযালোচনা কৰে আৰু প্ৰতিবেদন সম্পূৰ্ণ কৰিব নোৱাৰা সংশ্লিষ্ট বিভাগ সমূহক চলিত সপ্তাহৰ ভিতৰত প্ৰস্তুত কৰি দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ সভাত জিলা উপায়ুক্তগৰাকীয়ে যোৱা ১০ ছেপ্টেম্বৰৰ দিনা অনুষ্ঠিত হৈ যোৱা ‘ৰাইজৰ চ’ৰা’ত দাখিল কৰা ৰাইজৰ আপত্তি – অভিযোগ সমূহ তৎকালীনভাবে নিষ্পত্তি কৰাৰ বাবেও সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়া সকলক নিৰ্দেশ দিয়ে । এই সভাত ৩৫ নং দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক অনন্ত মালো উপস্থিত থাকি জিলাখনৰ অন্তৰ্গত গৰাইমাৰিৰ পৰা টেন্টনপুৰলৈ যোৱা পথটোৰ বিষয়ে মন্তব্য দাঙি ধৰি সংশ্লিষ্ট বিভাগক পথটো পৰিদৰ্শন কৰি তৎকালীনভাৱে মেৰামতি কৰাৰ বাবে আহবান জনায়। এই সভাত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱাল , অতিৰিক্ত উপায়ুক্ত অৰূপ কুমাৰ শৰ্মা , অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি মেঘনিধি দাহাল তথা ৰাজহ চক্ৰ বিষয়া সকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *