Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱত অসম বহুভাষিক কবি সন্মিলনৰ প্ৰথম কেন্দ্ৰীয় কাৰ্যনিবাহক সভা

বঙাইগাঁৱত অসম বহুভাষিক কবি সন্মিলনৰ প্ৰথম কেন্দ্ৰীয় কাৰ্যনিবাহক সভা

বঙাইগাঁৱত অসম বহুভাষিক কবি সন্মিলনৰ প্ৰথম কেন্দ্ৰীয় কাৰ্যনিবাহক সভা

বঙাইগাঁওঃ ১ ডিচেম্বৰঃ অসম বহুভাষিক কবি সন্মিলনৰ প্ৰথমখন কেন্দ্ৰীয় কাৰ্যনিবাহক সভা দেওবাৰে বঙাইগাঁৱৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷ সভাখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বন্তি সভাপতি অজিত দত্ত, কাৰ্যকৰী সভাপতি ক্ৰমে ড৹ মৰমী বৰঠাকুৰ তালুকদাৰ আৰু কাজী শ্বমীমৰ লগতে উপসভাপতি অতুল কুমাৰ নাথে ৷ ইয়াৰ পিছতে অসম বহুভাষিক কবি সন্মিলনৰ মুখ্য উপদেষ্টা প্ৰয়াত মুকুন্দ শৰ্মাদেৱৰ সহধৰ্মিনী মিনতি দেৱীয়ে প্ৰথমতে শৰ্মাদেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সভাত উপস্থিত থকা আন ব্যক্তিসকলেও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ সভাপতি অজিত দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থকা সকলো বিষয়ববীয়া আৰু সদস্যক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পিছত এটা সমবেত গীত পৰিৱেশন কৰে পিংকি শৰ্মা বৰদলৈ আৰু সংগীবৃন্দই ৷ আনহাতে প্ৰধান সম্পাদক শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে প্ৰধান সম্পাদকৰ প্ৰতিবেদনো পাঠ কৰে ৷ সেইদৰে আদৰণী ভাষণ প্ৰদান কৰে কাৰ্যকৰী সভাপতি কাজী শ্বমীমে ৷ ইয়াৰ পিছত সভাত উপস্থিত থকা সদস্য সকলৰ মাজত চিনাকি পৰ্ব আৰম্ভ কৰা হয় আৰু সভাত উপস্থিত থকা সকলো সদস্যই শপত গ্ৰহণ কৰে ৷ সভাপতি অজিত দত্তই পাঠ কৰা শপত বাক্য সকলোঁৱে একেলগে কৈ অসম বহুভাষিক কবি সন্মিলন হকে কাম কৰাৰ বাবে সংকল্প লয় ৷ইয়াৰ পিছত সন্মিলনৰ ভৱিষ্যতৰ পৰিকল্পনা আৰু কাৰ্যপন্থা সম্পৰ্কে ভাষণ প্ৰদান কৰে ক্ৰমে উপ সভাপতি ড৹ হৰ্ক বাহাদুৰ ছেত্ৰী, উপ সভাপতি অতুল কুমাৰ নাথ, কাৰ্যকৰী সভাপতি ড৹ মৰমী বৰঠাকুৰ তালুকদাৰ, ৰঞ্জিত কুমাৰ শৰ্মা, সবিন চন্দ্ৰ নাথ, মহানন্দ সৰকাৰ দত্ত আদিয়ে ৷ সভাখনত নিহাৰ ৰঞ্জন পালৰ এখন কাব্যগ্ৰন্থ উন্মোচন কৰা হয় ৷ ইয়াৰ পিছত কোষাধ্যক্ষ অপূৰ্ব গোস্বামীয়ে হিচাপ দাখিল কৰে ৷ সভাত নতুনকৈ গঠন হোৱা শাখাসমূহক স্বীকৃতি পত্ৰ প্ৰদান কৰা হয় ৷ লগতে সন্মিলনৰ সভ্যসকলক সভ্য ভৰ্তি প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷ সভাপতি অজিত দত্তই সভাপতিৰ বক্তব্য আগবঢ়ায় আৰু শলাগৰ শৰাই আগবঢ়ায় ড৹ নুৰ জামালে ৷ শেষত অসম সংগীতেৰে সভাখনৰ সামৰণি পৰে ৷

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *