Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱত আছু কৰ্মীক বন্ধ বিৰোধীৰ আক্ৰমণকলৈ উত্তপ্ত হ’ল পৰিস্থিতি

বঙাইগাঁৱত আছু কৰ্মীক বন্ধ বিৰোধীৰ আক্ৰমণকলৈ উত্তপ্ত হ’ল পৰিস্থিতি

বঙাইগাঁৱত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

আছু কৰ্মীক বন্ধ বিৰোধীৰ আক্ৰমণকলৈ উত্তপ্ত হ’ল পৰিস্থিতি

দোষীক কৰায়ত্তৰ বাবে কাইলৈ পুৱা ৫ বজালৈ সময় দিলে প্ৰশাসনক

অন্যথা ৬ বজাৰ পৰা ১২ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ আহ্বান আছুৰ

বঙাইগাঁওঃ১০ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি নেছ’ আৰু সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা এঘাৰ ঘন্টীয়া অসম তথা উত্তৰ পূৰ্বাঞ্চল বন্ধৰ লগতে আক্ৰাছুই পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত সোমবাৰৰ পৰা আহ্বান জনোৱা ৩৬ ঘন্টীয়া অসম তথা কমতাপুৰ বন্ধৰ কাৰ্যসূচী চলি থকাৰ সময়তে আজি বঙাইগাঁও চহৰত একাংশ কেব সমৰ্থনকাৰী তথা বন্ধ বিৰোধীয়ে আছু কৰ্মীক আক্ৰমণ কৰি আহত কৰাৰ লগতে এখন মটৰ চাইকেলৰ ক্ষতি সাধন কৰা ঘটনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে উত্তপ্ত হৈ পৰে পৰিৱেশ ৷ আছু কৰ্মীক আক্ৰমণ কৰাৰ খবৰ বিয়পি পৰাৰ পিছতে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আছুৰ কৰ্মীৰ লগতে বিভিন্ন সংগঠনৰ কৰ্মীসকল বঙাইগাঁও চহৰত আহি উপস্থিত হয় আৰু আক্ৰমণকাৰীক প্ৰত্যাক্ৰমণৰ উদ্দেশ্যে তথা কৰায়ত্ত কৰাৰ দাবীত হাতত বাঁহৰ টুকুৰালৈ মটৰ চাইকেলত উঠি ৰাজ পথলৈ ওলাই আহি বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৱশ্যে আৰক্ষী আৰু কাৰ্যবাহী দণ্ডাধীশৰ বুজনিত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পৰা সাম কাটে ৷ উল্লেখ্য যে বিভিন্ন সংগঠনে আহ্বান জনোৱা বন্ধৰ ফলত আজি নামনি অসমৰ বঙাইগাঁও জিলাৰ জনজীৱন সম্পূৰ্ণ স্তব্ধ হৈ পৰে ৷ বন্ধৰ প্ৰভাৱ জিলা সদৰ বঙাইগাঁও চহৰকে ধৰি সমগ্ৰ জিলাখনতে সৰ্বাত্মক ৰূপত পৰে ৷ কিন্তু ইয়াৰ মাজতে পুৱা ১১ মান বজাত বঙাইগাঁও চহৰৰ পালপাৰা , শালবাগান শান্তি নগৰ আদি অঞ্চলত কিছু দোকান তথা ব্যৱসায়ীক প্ৰতিষ্ঠান খোলা থকাৰ বিষয়ে আছুৰ একাংশ কৰ্মীয়ে জানিব পাৰি এটা বাৰজনীয়া দলে মটৰচাইকেললৈ বন্ধৰ কাৰ্যসূচী সফল কৰাৰ কাৰণে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিবলৈ যায় ৷ কিন্তু শালবাগান শান্তি নগৰত দোকান বন্ধ কৰিবলৈ যোৱা আছুকৰ্মীৰ দলটো একাংশ বন্ধ বিৰোধীৰ বাঁহ ,শিল তথা বাটাম আদিৰ আক্ৰমণৰ বলি হয় ৷ আছু কৰ্মীৰ দলটো কোনোমতে সেই স্থান পৰিত্যাগ কৰি আহিবলৈ সক্ষম হয় ৷ আক্ৰমণকাৰীসকলৰ আক্ৰমণত পাঁচজনমান আছু কৰ্মী আহত হয় ৷ একেদৰে আছু কৰ্মী দয়াল বৰ্মণৰ এ এছ ১৯ এম ২৫২৩ নম্বৰৰ মটৰ চাইকেলখনো আক্ৰমণকাৰীসকলে ক্ষতি সাধন কৰে ৷ আক্ৰমণত আহত হয় মৃগাংকৰ ৰায় ,ৰূপম চৌধুৰী , দয়াল বৰ্মণ, দিব্যজ্যোতি আৰু সুখদেৱ বৰ্মণ ৷ ঘটনা সন্দৰ্ভত আহতসকলে জানিবলৈ দিয়া মতে এটা বাৰজনীয়ামান আছু কৰ্মীৰ দলে শালবাগনৰ শান্তি নগৰলৈ গৈ খোলা থকা দোকানৰ গৰাকীক দোকান বন্ধ কৰিবলৈ আহ্বান জনাই ওভোটাৰ সময়তে হাতত বাঁহৰ লাঠি, বাটাম আদি লৈ গোট খাই থকা এটা বৃহৎ যুৱকৰ দলে বাট আগুচি ধৰি আছু কৰ্মীসকলক আক্ৰমণ কৰে ৷ আক্ৰমণকাৰীসকলে আছু সন্দৰ্ভত নানা অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে দয়াল বৰ্মণক প্ৰথমে হাতেৰে কিল ,ভুকু ,ঘোঁচা মাৰি নাকে – মুখে জখম কৰাৰ লগতে একেখন মটৰ চাইকেলত থকা ৰূপম চৌধুৰীক লাঠি ,শিল আদিৰে আক্ৰমণ কৰি আহত কৰে ৷ সেইদৰে আছু কৰ্মীদ্বয়ক বচাবলৈ যোৱা মৃগাংকৰ ৰায়কো বাঁহেৰে আক্ৰমণ কৰি আহত কৰে ৷ আনহাতে সুখদেৱ বৰ্মণ আৰু দিব্যজ্যোতিও আহত হয় ৷ আক্ৰমণকাৰীসকলে দয়াল বৰ্মণৰ মটৰ চাইকেলখনো আক্ৰমণ কৰি ক্ষতি সাধন কৰে ৷ পিছত আছুকৰ্মীসকলে নিজকে বচাবলৈ উক্ত স্থানৰ পৰা পলায়ণ কৰে ৷ আনকি দয়াল বৰ্মণে নিজৰ মটৰচাইকেলখনো এৰি আহে ৷ আক্ৰমণকাৰীসকল বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মী আছিল বুলিও আহতসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷ পিছত ঘটনাৰ বিষয়ে আৰক্ষীয়ে জানিব পাৰি মটৰ চাইকেলখন থানালৈ লৈ আহে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আহত আছু কৰ্মীয়ে বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে ৷ এজাহাৰত সম্ৰাট ভাৱেল আৰু চুইট চেন্টাৰ নামৰ দোকানৰ গৰাকীৰ নিৰ্দেশত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱা বুলি উল্লেখ কৰিছে ৷ লগতে আক্ৰমণকাৰীসকলে আছু কৰ্মীসকলক প্ৰাণ নাশৰ নানা ভাবুকি দিয়াত ঘটনাস্থলীৰ পৰা পলায়ণ কৰা বুলিও উল্লেখ কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে আহতসকলক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ ইপিনে আছু কৰ্মীক আক্ৰমণ কৰা খবৰ চাৰিও ফালে বিয়পি পৰাত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আছুকে ধৰি বিভিন্ন সংগঠনৰ তিনি শতাধিকমান কৰ্মী বঙাইগাঁৱত আহি উপস্থিত হয় আৰু নিউ বঙাইগাঁও ৰে’লৱে কাৰখানাৰ ওচৰত সমবেত হয় ৷ তাতে আক্ৰমণৰ ঘটনাক সকলোৱে সহজভাৱে নলৈ আক্ৰমণকাৰীক প্ৰত্যাক্ৰমণৰ বাবে সকলো উত্তেজিত হৈ পৰে আৰু ঘটনাস্থলীলৈ আহিবলৈ সাজু হয় ৷ পিছত এই বিষয়ে আৰক্ষীয়ে জানিব পাৰি আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ সকলোকে বুজনি দিয়াৰ লগতে ঘটনা সন্দৰ্ভত এজাহাৰ দিবলৈ কৈ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে ৷ কিন্তু আৰক্ষীৰ আশ্বাসক নামানি পিছত আছু কৰ্মীকে ধৰি ভিন্ন সংগঠনৰ কৰ্মীসকলে হাতে হাতে বাঁহৰ টুকুৰা লৈ মটৰ চাইকেলত উঠি উত্তৰ বঙাইগাঁৱৰ দিশে মূল ৰাজ পথেৰে সমদল কৰি আহি বৰফ মিল তিনি আলিত সমবেত হয় আৰু কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইতিমধ্যে উক্ত স্থানত আছু ,এজেৱাইচিপি,গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদ আদি সংগঠনৰ একাংশ কৰ্মীয়ে ৰাজ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰি আছিল ৷ প্ৰতিবাদকাৰীসকলে বিজেপি মুৰ্দাবাদ, কেব বাতিল কৰিবই লাগিব, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ ,অমিত শ্বাহ মুৰ্দাবাদ ,সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ আনকি প্ৰতিবাদকাৰীসকলে হাতত বাঁহৰ টুকুৰালৈ ৰাজ পথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ পিছত প্ৰতিবাদকাৰীসকলে আছু কৰ্মীক আক্ৰমণ কৰা শালবাগান শান্তি নগৰলৈ ভিতৰুৱা পথেৰে গৈ তাতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে দুই এখন নাম ফলকৰো ক্ষতি সাধন কৰে ৷ অৱশ্যে প্ৰতিবাদকাৰীসকলে যাতে হিংসাত্মক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীৰ এটা বৃহৎ দল আৰু দণ্ডাধীশ লগতে আছিল ৷ উক্ত স্থানত কিছু সময় প্ৰতিবাদ কৰাৰ লগতে দোষীক কৰায়ত্ত কৰাৰ দাবী জনায় ৷ পিছত আৰক্ষী আৰু দণ্ডাধীশে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি প্ৰতিবাদকাৰীসকলক ওভোটাই পঠিয়ায় ৷ প্ৰতিবাদকাৰীসকলে ৰাজ পথৰ কাষৰ ব্যৱসায়ীক প্ৰতিষ্ঠান দুখন মানৰ অনা অসমীয়া ভাষাত লিখা নাম ফলকৰ কিছু ক্ষতি কৰে ৷ প্ৰতিবাদকাৰীসকল পিছত বৰপাৰাস্থিত আছু কাৰ্যালয়ত উপস্থিত হোৱাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক কাৰ্যালয়তে সন্ধিয়ালৈ আটক কৰি ৰাখে যদিও পিচত মুকৱি কৰি দিয়ে ৷ আছু কৰ্মীক আক্ৰমণৰ ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে আছু কৰ্মীয়ে পুৱাৰ ভাগত বঙাইগাঁও চহৰৰ বিভিন্ন স্থানত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ একেদৰে নিউ বঙাইগাঁও ৰে’লৱে কাৰখানাত কৰ্মচাৰীসকলক প্ৰৱেশত বাধা প্ৰদান কৰে কাৰখানাৰ কাম- কাজ অচল কপি দিয়ে ৷ বন্ধৰ সমৰ্থকে চহৰখনৰ বিভিন্ন স্থানত কেবাখনো অটো তথা বাহনৰ ক্ষতি সাধনো কৰে ৷ এইদৰেই আজি উত্তাল হ’ল বঙাইগাঁও চহৰ ৷

১২ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত নকৰিলে কাইলৈ( বুধবাৰে) পুৱাৰে পৰা ১২ ঘন্টীয়া বঙাইগাঁও জিলা বন্ধৰ আহ্বান আছুৰ

ইপিনে বঙাইগাঁও জিলা আছুই সংগঠনটোৰ কৰ্মীক আক্ৰমণৰ ঘটনাক কোনো পধ্যে সহ্য নকৰে বুলি উল্লেখ কৰি দোষীক কৰায়ত্ত কৰাৰ বাবে প্ৰশাসনক ১২ ঘন্টা সময় ধাৰ্য কৰি দিছে ৷ আছুৰ জিলা সভাপতি যিনোদ নাথে জানিবলৈ দিয়া মতে যদিহে প্ৰশাসনে কাইলৈ পুৱা ৫ বজাৰ ভিতৰত দোষীক কৰায়ত্ত নকৰে ,তেতিয়াহ’লে কাইলৈ( বুধবাৰ) পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ১২ ঘন্টীয়া বঙাইগাঁও বন্ধৰ আহ্বান জনাইছো ৷ এই বন্ধৰ কাৰ্যসূচীলৈ আক্ৰাছু ,কৃষক মুক্তি সংগ্ৰাম সমিতি , এজেৱাইচিপি ,গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ আদি সংগঠনে সমৰ্থন জনোৱা বুলিও জানিবলৈ দিয়ে ৷ আনহাতে বিভিন্ন সংগঠনৰ নেতৃত্বইও অসমৰ ভূমিত খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰৰ ওপৰত অনা অসমীয়া তথা বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা লোৱাসকলৰ আক্ৰমণক সহ্য কৰা নহ’ব বুলি কয় ৷ দোষীক কৰায়ত্ত কৰিব লাগিবই বুলিও স্পষ্ট কৰি দিয়ে ৷

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *