Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱত উত্তৰ পূব সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ মহিলা গোটৰ ৰঙিয়া সংমণ্ডল ভিত্তিক প্ৰথম অধিৱেশন সম্পন্ন

বঙাইগাঁৱত উত্তৰ পূব সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ মহিলা গোটৰ ৰঙিয়া সংমণ্ডল ভিত্তিক প্ৰথম অধিৱেশন সম্পন্ন

বঙাইগাঁৱত উত্তৰ পূব সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নৰ মহিলা গোটৰ ৰঙিয়া সংমণ্ডল ভিত্তিক প্ৰথম অধিৱেশন সম্পন্ন

নতুন সমিতি গঠন

বঙাইগাঁওঃ ১২ ছেপ্টেম্বৰঃ ‘শক্তিশালী মহিলা শক্তি হ’ল শক্তিশালী সংগঠনৰ পৰিচয়’-এই মন্তব্য উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ মহিলা গোটৰ কেন্দ্ৰীয় সম্পাদিকা মধুমিতা দেৰ ৷ বুধবাৰে ইউনিয়নৰ নিউ বঙাইগাঁও শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰঙিয়া সংমণ্ডলভিত্তিক প্ৰথম মহিলা অধিৱেশনত ভাষণ প্ৰদান কৰি এইদৰে মন্তব্য কৰে মহিলা নেত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে মহিলা শক্তি আজি মজদুৰ ইউনিয়নৰ পতাকাৰ তলত থিয় হৈ চৰকাৰৰ শ্ৰমিকবিৰোধী নীতিৰ বিৰুদ্ধে একত্ৰিত হৈছে ৷ গতিকে শ্ৰমিকবিৰোধী এই চৰকাৰৰ পতন সন্মুখত বুলি তেওঁ কয় ৷ উল্লেখ্য যে ইউনিয়নৰ নিউ বঙাইগাঁও শাখাৰ মহিলা গোটৰ সভানেত্ৰী অলেশ্বৰী ব্ৰহ্মই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অধিৱেশনৰ কাৰ্যসূচী অনুসৰি ছহিদ তৰ্পণ কৰে ইউনিয়নৰ বঙাইগাঁও শাখাৰ সভানেত্ৰী নীলিমা বিশ্বাসে ৷ আনহাতে গছ পুলি ৰোপণ কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুমনা বেনাৰ্জীয়ে ৷ সন্ধিয়া অনুষ্ঠিত হয় মুকলি সভা ৷ সমিতিৰ বঙাইগাঁও শাখাৰ সভানেত্ৰী নীলিমা বিশ্বাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুমনা বেনাৰ্জী , সম্পাদিকা মধুমিতা দে, লামডিং সংমণ্ডলৰ সম্পাদিকা মধুপৰ্ণা বণিক কৰকে ধৰি কেইবাগৰাকীও নেত্ৰী উপস্থিত থাকি ভাষণ ৰাখে ৷ পোন প্ৰথমবাৰৰ বাবে এই অধিৱেশন ৰঙিয়া সংমণ্ডলত অনুষ্ঠিত কৰাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ মহিলা গোটে নিউ বঙাইগাঁও শাখাৰ সম্পাদক মৃণাল শীল আৰু কোষাধ্যক্ষ ৰাকেশ শ্বাহক বিশেষভাৱে ধন্যবাদ প্ৰদান কৰে ৷ উল্লেখ্য যে এই অধিৱেশনতে ধেমাজিৰ প্ৰিয়লতা সোণোৱালক সভানেত্ৰী আৰু নিউ বঙাইগাঁৱৰ মামণি শীলক সম্পাদিকা হিচাপে লৈ আগন্তুক ২০১৯-২১ দ্বিবৰ্ষৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ ৰঙিয়া সংমণ্ডলৰ মহিলা সমিতিখন গঠন কৰা হয় বুলি উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নৰ প্ৰচাৰ সচিব কল্লোল দেৱ শৰ্মাই এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিছে ৷

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *