Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱত ‘কেব’ৰ বিৰুদ্ধে আছুৰ বাইক ৰেলী

বঙাইগাঁৱত ‘কেব’ৰ বিৰুদ্ধে আছুৰ বাইক ৰেলী

বঙাইগাঁৱত ‘কেব’ৰ বিৰুদ্ধে আছুৰ বাইক ৰেলী

বঙাইগাঁওঃ ২ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক(কেব) ৰ বিৰোধিতা কৰি আজি বঙাইগাঁৱত আছুই এক বাইক ৰেলী উলিয়ায় ৷ সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেল পথাৰৰ পৰা উলিওৱা বাইক ৰেলী চহৰৰ মাজেৰে চাপাগুৰিলৈ গৈ কিষাণ বাজাৰ, পালপাৰা আদি অঞ্চল পৰিভ্ৰমণ কৰি পুনৰ চহৰখনৰ মায়াপুৰী তিনি আলি হৈ গান্ধী ময়দান, জিলা উপায়ুক্ত কাৰ্যালয় আদিৰ সন্মুখেৰে আহি বৰপাৰা ৰাজহুৱা খেল পথাৰত সামৰণি ঘটায় ৷ বাইক ৰেলীত অংশ গ্ৰহণ কৰা আছু নেতা- কৰ্মীসকলে বিজেপি মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হায় হায়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ লাজ নাই, মুখ্যমন্ত্ৰী সোনোৱালৰ লাজ নাই, জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিবই, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল লেইলেই ছেইছেই, এই জুই জ্বলিছে জ্বলিবই,সংগ্ৰাম চলিছে চলিবই, জয় আই অসম, এই দাবী নাৰ্য দাবী, জাতিধ্বংসী বিধেয়ক মানি লোৱা নহ’ব, আমাৰ দাবী মানি ল’ব লাগিবই আদি বিভিন্ন শ্লোগানো দিয়ে ৷ ইপিনে ‘কেব’ সন্দৰ্ভত বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি যিনোদ নাথে সংবাদ মাধ্যমৰ আগত কয় যে ‘কেব’ক লৈ এতিয়া কেন্দ্ৰীয় চৰকাৰেই হওক বা অসম চৰকাৰেই হওক যি ন ন কৌশল আৰম্ভ কৰিছে সেই কৌশলক ওফোৰাবলৈ আমি সদৌ অসম ছাত্ৰ সন্থা সদায় সাজু আছো ৷ কাৰণ আমি আগতেও কেবৰ বিৰোধিতা কৰি আহিছো আৰু ভৱিষ্যতেও বিৰোধিতা কৰি যাম ৷ আজিও আমি বঙাইগাঁও জিলা ছাত্ৰ সন্থাই এই কেবৰ বিৰোধিতা কৰি বঙাইগাঁৱত এক বাইক ৰেলী কাৰ্যসূচী গ্ৰহণ কৰিছো ৷ কেবৰ ভয়াৱহতা সম্পৰ্কে ৰাইজক অৱগত কৰাৰ বাবেই এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ কেবৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ খিলঞ্জীয়াৰ মেৰুদণ্ড আৰু খিলঞ্জীয়াৰ অস্তিত্ব নাইকিয়া কৰি দিব বিচৰা হৈছে ৷ সেয়ে আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকিয়াই দিব বিচাৰিছো যে কেবক ওফোৰাবলৈ আমি আছুই ইয়াতকৈয়ো ভয়াৱহ তথা জংগী আন্দোলন গঢ়ি তুলিম আৰু কেব ওফোৰাই দিম ৷ আছুৰ জংগী আন্দোলনৰ ফলত অসমত যি পৰিস্থিতিৰ সৃষ্টি হ’ব ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ দায়ী হ’ব বুলিও কয় ৷ জিলা সভাপতিগৰাকীয়ে আৰু কয় যে ইতিমধ্যে বিজেপি চৰকাৰে কেব গৃহীত কৰিবলৈ ন ন কৌশল আৰম্ভ কৰিছে ৷ তেওঁলোকে ইনাৰ লাইন পাৰ্মিট থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যক কেবৰ আওতাৰ পৰা বাহিৰত ৰাখিছে ৷ কিন্তু তৎস্বত্বেও সেই ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে কেবৰ বিৰোধিতা কৰি আহিছে ৷ ইয়াৰ বিপৰীতে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী নিমাতী কইনা হৈ আছে ৷ আনহাতে ‘কেব’ সম্পৰ্কত অগপ দলৰ তিনি মন্ত্ৰী তথা দলৰ নমনীয় স্থিতি সন্দৰ্ভত কয় যে যদিহে তেওঁলোকে খিলঞ্জীয়াৰ পক্ষত থাকি ৰাজনীতি কৰিব বিচাৰিছে আৰু যদিহে তেওঁলোকে গাদী দখল কৰিব বিচাৰিছে তথা যদিহে তেওঁলোকৰ গাত অসমীয়াৰ তেজ আছে , তেতিয়াহ’লে তেওঁলোকে অসমৰ খিলঞ্জীয়াৰ পক্ষত থাকি খিলঞ্জীয়াৰ হৈ ঠিয় দি কাম কৰি আগবাঢ়ি যাওক ৷ জিলা সভাপতিগৰাকীয়ে সকলো ৰাজনৈতিক দলকে খিলঞ্জীয়াৰ পক্ষত থাকি কাম কৰি যাবলৈকো আহ্বান জনায় ৷ লগতে সকলো দল- সংগঠনকে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ৷

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *