Friday , February 28 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱত ড্ৰাগছসহ আটক দুই যুৱক

বঙাইগাঁৱত ড্ৰাগছসহ আটক দুই যুৱক

বঙাইগাঁৱত ড্ৰাগছসহ আটক দুই যুৱক

বঙাইগাঁওঃ ১১ ছেপ্টেম্বৰঃ বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত গুৰু নানক নগৰত আজি সন্ধিয়া ড্ৰাগছসহ দুজন যুৱকক আৰক্ষীয়ে কৰায়ত্ত কৰে ৷ ধৃত যুৱকদ্বয় ক্ৰমে বিজনীৰ কাৱাটিকাৰ ছাহিল মণ্ডল (২৫) আৰু ছাহমেদ আলী (২৪) বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে বঙাইগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যুৱকদ্বয়ে ভাৰা কৰি থকা গুৰুনানক নগৰৰ ভাৰাঘৰত অভিযান চলাই ড্ৰাগছৰ বেহাৰ লগত জড়িত যুৱকদ্বয়ক আটক কৰাৰ লগতে ১২ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ উদ্ধাৰ কৰে ৷ সেইদৰে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ খালি কন্টেনাৰ , চাৰিটা মোবাইল হেণ্ডচেট ,মানিবেগ আদিও ৷ আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ী দুজনক পিচত উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীলৈ আনি জেৰা অব্যাহত ৰাখিছে ৷

About Staff Reporter

চাব পাৰে

বামুণি গাঁৱত ৩৬ গৰাকী মহিলা উদ্যোগীক সম্বৰ্ধনা

  , ষ্টাফৰিপোৰ্টাৰ,২৬ ফেব্ৰুৱাৰী।।।ইণ্টাৰগ্লোব ফাউণ্ডেশ্যনৰ পুঁজিৰে ধৃতি-“দ্যা কাৰেজ উইডইনে ৰূপায়ন কৰা প্ৰগতি প্ৰকল্পৰ অধীনত ক্ষুদ্ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *