Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱত পথ দুৰ্ঘটনাত চাৰিজন যুৱক আহত

বঙাইগাঁৱত পথ দুৰ্ঘটনাত চাৰিজন যুৱক আহত

বঙাইগাঁৱত পথ দুৰ্ঘটনাত চাৰিজন যুৱক আহত

বঙাইগাঁওঃ ২১ ছেপ্টেম্বৰঃ বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাৰ উৰণীয়া সেতুত আজি সন্ধিয়া প্ৰায় ৬ঃ৩০ মান বজাত সংঘটিত এক পথ দুৰ্ঘটনাত চাৰিজন যুৱক গুৰুতৰভাৱে আহত হয় ৷ বঙাইগাঁও যান – বাহন শাখাৰ আৰক্ষীয়ে জানিব পৰা দিয়া মতে চাপাগুৰীৰ দিশৰ পৰা ৰাখালডুবিৰ দিশে গৈ থকা এ এছ ১৬ এফ- ৫৩৭৭ নম্বৰৰ মাৰুতী অল্ট বাহনখনে নিজৰ সঠিক দিশেৰে নগৈ পথৰ ভুল দিশেৰে গৈ থকা অৱস্থাত চাপৰাকাটাত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকে অল্টখনক তীব্ৰ জোৰত খুন্দিয়াই পলায়ণ কৰে ৷ ফলত অল্টখনত থকা চাৰিজনকৈ আৰোহী গুৰুতৰভাৱে আহত হয় ৷ পিচত দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বঙাইগাঁও যান- বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে ৷ দুৰ্ঘটনাটোত গণেশ বাকালি(৩০) ,ৰাজু বাকালি(৩৫),প্ৰসেনঞ্জিৎ দাস(২৫) আৰু বিশ্বনাথ বিশ্বাস(২৯) নামৰ যুৱক চাৰিজন আহত হয় ৷ আহত চাৰিও জনৰে ঘৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত অভয়াপুৰীৰ লেংটিচিঙাত ৷ দুৰ্ঘটনাটোত বাহনখনৰ সন্মুখৰ অংশ বিধ্বস্ত হয়

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *