Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱত ম’বাইল এপৰ জৰিয়তে ভোটাৰৰ নাম পৰীক্ষণ সম্পৰ্কত বিএলঅ সকলৰ সৈতে সভা

বঙাইগাঁৱত ম’বাইল এপৰ জৰিয়তে ভোটাৰৰ নাম পৰীক্ষণ সম্পৰ্কত বিএলঅ সকলৰ সৈতে সভা

বঙাইগাঁৱত ম’বাইল এপৰ জৰিয়তে ভোটাৰৰ নাম পৰীক্ষণ সম্পৰ্কত বিএলঅ সকলৰ সৈতে সভা

বঙাইগাঁওঃ ২৬ছেপ্তেম্বৰঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে সমগ্ৰ দেশৰ লগতে ৩২ নং বঙাইগাঁও বিধান সভা সমষ্টিতো ম’বাইল এপ ( Mobile App ) ৰ জৰিয়তে ভোটাৰৰ নাম পৰীক্ষণ সম্পৰ্কত আজি দিনৰ ১১ বজাত এখন সভা অনুষ্ঠিত হয় ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত সমষ্টিটোৰ বুথ পৰ্যায়ৰ বিষয়া ( BLO ) সকলকলৈ অনুষ্ঠিত এই সভাত আদৰণী ভাষন প্ৰদান কৰে ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া মুন্মী শইকীয়াই ৷ সভাত অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে অহা ১৫ অক্টোৱৰৰ ভিতৰত ম’বাইল এপ’ৰ জৰিয়তে ভোটাৰৰ ইপিক ( EPIC ) নম্বৰ সংযোগ কৰি কেনেকৈ ভোটাৰৰ নাম পৰীক্ষণ কৰিব পাৰি সেই সন্দৰ্ভত বুথ পৰ্যায়ৰ বিষয়া সকলক অৱগত কৰে । লগতে অহা ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী কাৰ্যৰ দায়িত্ব সম্পৰ্কত আগতীয়া কিছু আভাস দিয়ে । ইয়াৰ উপৰিও নিৰ্বাচন আয়োগে অলপতে মুকলি কৰা হাইব্ৰিড বিএলঅ (HYBRID BLO ) শীৰ্ষক নতুন ম’বাইল এপ’টোৰ (New Mobile App) বিষয়েও কিছু তথ্য ক্ষেত্র পৰ্যায়ৰ বিষয়াসকলৰ আগত ডাঙি ধৰি সকলোকে নিজৰ নিজৰ দায়িত্বখিনি নিষ্ঠাৰে কৰি যোৱাৰ বাবে অনুৰোধ জনায় । এই সভাত সমষ্টিটোৰ সকলো ক্ষেত্র পৰ্যায়ৰ বিষয়া সকলৰ লগতে বঙাইগাঁও নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ সকলো কৰ্মচাৰী উপস্থিত থাকে ।

 

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *