Saturday , January 18 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

বঙাইগাঁৱত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

বঙাইগাঁৱত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ

যান- বাহনত আৰক্ষীৰ তালাচী

বঙাইগাঁওঃ ১৪ আগষ্টঃ বঙাইগাঁও জিলা প্ৰশাসনে কালিৰে পৰা তিনিদিনীয়াকৈ পালন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি দ্বিতীয় দিনা পুৱা জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ পৰা ‘ একতা আৰু শান্তিৰ বাবে সমমদল’ উলিয়ায় ৷ ইয়াৰ পিছত জিলা প্ৰশাসনৰ উদ্যোগত দেউৰীপাৰাৰ এনাজৰী মহিলা সংঘৰ সদস্যাসকলে পাগলাস্থান আৰু ছহিদ বেদী এলেকাত মাদক দ্ৰব্য বৰ্জনৰ সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰে ৷ একেদৰে বঙাইগাঁও মহাবিদ্যালয়ত স্নাতক মহলাৰ ছাত্ৰ- ছাত্ৰীৰ মাজত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ইপিনে সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে কাইলৈ বঙাইগাঁও জিলাতো দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী উদযাপিত হ’ব ৷ বঙাইগাঁও চহৰৰ গান্ধী ময়দানত ৰাজহুৱাভাৱে উদযাপিত হ’বলগীয়া স্বাধীনতা দিৱসৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৫ বজাত প্ৰভাত ফেৰী , ৬ বজাত দেশ ভক্তিমূলক গীত পৰিবেশন, ৭ বজাত ব্যক্তিগত বাসভৱনত জাতীয় পতাকা উত্তোলন, ৭.৩০ বজাত চৰকাৰী , অৰ্ধচৰকাৰী, বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান সমূহত জাতীয় পতাকা উত্তোলন , ৮.১৫ বজাত নিজ নিজ শিক্ষানুষ্ঠানৰ পৰা বঙাইগাঁও গান্ধীময়দানলৈ ছাত্র-ছাত্রীৰ শোভাযাত্রা, ৮.৪০ বজাত ছহিদ তৰ্পণ আদি কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ ইয়াৰ পিছত পুৱা ৯ বজাত স্থানীয় বঙাইগাঁও গান্ধীময়দানত বিশিষ্ট অতিথিৰ দ্বাৰা আনুষ্ঠানিক ভাবে জাতীয় পতাকা উত্তোলন কৰা হ’ব ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সম্বৰ্ধনা অনুষ্ঠান , পুৰস্কাৰ প্ৰদান, অনুদান বিতৰণ , সাংস্কৃতিক কাৰ্যক্ৰমণিকা , বঁটা বিতৰণ , কণ কণ ল’ৰা-ছোৱালীৰ মাজত খেল -ধেমালি প্ৰতিযোগিতা , বঙাইগাঁও অসামৰিক চিকিৎসালয় , মানসিক পুনৰ সংস্থাপন কেন্দ্ৰ আৰু শিশু গৃহত ফলমূল বিতৰণ , মায়াপুৰী আৰু জ’লী মেক্স কথাছবি গৃহত কণ কণ ল’ৰা – ছোৱালীৰ বাবে বিনামূলীয়া কথাছবি প্ৰদৰ্শন আৰু আবেলি উপায়ুক্ত একাদশ আৰু বঙাইগাঁও ক্ৰীড়া সন্থাৰ মাজত প্ৰীতি ফুটবল খেল অনুষ্ঠিত হ’ব ৷ স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত জিলা উপায়ুক্ত আদিল খানে জিলাখনৰ সমাজৰ সকলোস্তৰৰ ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছে। ইপিনে স্বাধীনতা দিৱস শান্তিপূৰ্ণভাৱে উদযাপনৰ বাবে জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তুলিছে ৷ চলাইছে যান- বাহনত তালাচী ৷

About Staff Reporter

চাব পাৰে

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়ক- ইছলামী সাহিত্য সভা-জে এন ইউ কাণ্ডৰ বিৰোধিতা

ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ নাগৰিক সংশোধনী বিধেয়কৰ লগতে ইছলামী সাহিত্য সভা আৰু জে এন …

Leave a Reply

Your email address will not be published. Required fields are marked *