Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱত হোলী উপলক্ষে ২২ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা

বঙাইগাঁৱত হোলী উপলক্ষে ২২ মাৰ্চত স্থানীয় বন্ধৰ দিন ঘোষণা

বঙাইগাঁওঃ২০মাৰ্চঃ হোলী উপলক্ষে অহা ২২ মাৰ্চত সমগ্ৰ বঙাইগাঁও জিলাতে প্ৰযোজ্য হোৱাকৈ জিলা প্ৰাশাসনে স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে ৷ বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানে এক নিৰ্দেশনা যোগে উক্ত দিনা সমগ্ৰ বঙাইগাঁও জিলাতে হোলী উপলক্ষে স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে । উক্ত দিনা জিলাখনত থকা ৰাজ্য চৰকাৰৰ সকলো চৰকাৰী কাৰ্যালয়, অৰ্ধ চৰকাৰী কাৰ্যালয়,ৰাজহ আদালত , সকলো শিক্ষানুষ্ঠান আৰু জিলাখনত থকা সকলো বিত্তীয় অনুষ্ঠান বন্ধ থাকিব ৷ অৱশ্যে চলি থকা পৰীক্ষা, নিৰ্বাচন সম্পৰ্কীয় কাম-কাজ বা এন আৰ চিৰ কামৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য নহ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা প্ৰেৰিত এক প্ৰেছ টোকাত উল্লেখ কৰা হৈছে ৷

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …