Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙাইগাঁৱৰ ছিপনছিলাত লোমহৰ্ষক হত্যাকাণ্ড

বঙাইগাঁৱৰ ছিপনছিলাত লোমহৰ্ষক হত্যাকাণ্ড

বঙাইগাঁৱৰ ছিপনছিলাত লোমহৰ্ষক হত্যাকাণ্ড

ডেগাৰেৰে আক্ৰমণ কৰি এজন হত্যা

বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ছিপনছিলাত আজি নিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ৷ ছিপনছিলা বৰপাৰা গাঁৱৰ বাসিন্দা ধনঞ্জয় ৰায়ৰ আক্ৰমনত ছিপনছিলা সূত্ৰধৰপাৰা গাঁৱৰ মনেশ্বৰ ৰায়ৰ পুত্ৰ প্ৰবীণ ৰায়ে শোকাৱহ মৃত্যুক আকোৱালি লয় ৷ ধঞ্জয় ৰায়ে ডেগাৰেৰে আক্ৰমণ কৰি প্ৰবীণ ৰায়ক হত্যা কৰে ৷ পিছত ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থীত উপস্থিত হৈ হত্যাকাৰীৰ সন্ধানত অভিযান আৰম্ভ কৰে ৷ জানিব পৰা মতে প্ৰবীণ ৰায়ে আন দুজন বন্ধুৰ সৈতে ছিপনছিলা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ ওচৰত মূল পথৰ দাঁতিত বহি থকা অৱস্থানত ধনঞ্জয় ৰায় নামৰ যুৱকজন আন এজনৰ সৈতে কুঁজীয়া নৈত মাছ মাৰি চাইকেলেৰে উক্ত পথেৰে গৈ থকাৰ সময়তে এই ঘটনাটো সংঘটিত কৰে ৷ ডেগাৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত প্ৰবীণ ৰায়ক বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও যুৱকজনৰ মৃত্যু হয় ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *