Thursday , September 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / বঙাইগাঁৱৰ মূলাগাঁৱত অনুষ্ঠিত ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং প্ৰতিযোগিতাৰ সামৰণী

বঙাইগাঁৱৰ মূলাগাঁৱত অনুষ্ঠিত ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং প্ৰতিযোগিতাৰ সামৰণী

 

প্ৰথম তিনিচুকীয়া, দ্বিতীয় বঙাইগাঁও,তৃতীয়ত কামৰূপ

বঙাইগাঁওঃ ৩ জুনঃ বঙাইগাঁও চহৰৰ নিকটৱৰ্তী মূলাগাঁৱত ৩১ মে’ ৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং মুকলি প্ৰতিযোগিতাখনৰ কালি(দেওবাৰ)নিশা সামৰণী পৰে ৷ অসম ৰাজ্যিক কিক বক্সিং সন্থাৰ উদ্যোগত অাৰু বঙাইগাঁও কিক বক্সিং সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা এই ৰাজ্যিক ভিত্তিক প্ৰতিযোগিতাখন মূলাগাঁও শিৱ মন্দিৰ নাট ঘৰত অানুষ্ঠানিকভাৱে পহিলা জুনত বঙাইগাঁও জিলাৰ উপাযুক্ত আদিল খানে উদ্বোধন কৰাৰ পাছতে ৰাজ্যৰ দহখন জিলাৰ পৰা যোগদান কৰা কমেও দুই শতাধিক খেলুৱৈৰ মাজত বিভিন্ন কেটেগৰিত প্ৰতিযোগিতাৰ ইভেন্টসমূহ অনুষ্ঠিত হয় ৷ প্ৰতিযেগিতাৰ অন্তত তিনিচুকীয়াই প্ৰথম, বঙাইগাঁৱে দ্বিতীয় আৰু কামৰূপে তৃতীয় শ্ৰেষ্ঠ দল হিচাপে বিৱেচিত হয় ৷ তিনিচুকীয়া জিলা দলে ১৫ টা সোণ, ১২ ৰূপ আৰু ৮ টা ব্ৰঞ্জসহ মুঠ ৩৫টা পদক লাভ কৰে ৷ আনহাতে বঙাইগাঁও জিলা দলে ১৪ টা সোণ, ৫ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জসহ মুঠ ২৪ টা আৰু তৃতীয় স্থান প্ৰাপ্ত কামৰূপ জিলা দলে ৮ সোণ, ৭ ৰূপ আৰু ৫ টা ব্ৰঞ্জসহ মুঠ ২০ টা পদক লাভ কৰে ৷ উল্লেখ্য যে এই প্ৰতিযোগিতাখন প্ৰথমবাৰৰ বাবে ‘ৰিঙ’ ত অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ বঙাইগাঁও জিলা কিক বক্সিং সন্থাৰ সভাপতি প্ৰভাত বৈষ্ণৱে পৰিচালনা কৰা বঁটা বিতৰণী অনুষ্ঠানত সাহিত্যিক ৰমলা ৰায় সৰকাৰ সম্পাদিত ‘নাককাটি-ভূমেশ্বৰ’ নামৰ স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে ৷ বঁটা প্ৰদান অনুষ্ঠানত অসম ৰাজ্যিক কিক বক্সিং সন্থাৰ কাৰ্যকৰী সভাপতি কমলেশ্বৰ বৰুৱা, বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হিতেশ চন্দ্ৰ দাস, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ পূৰ্ণিমা চৌধুৰী, বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি অজিত কুমাৰ দাস, ষষ্ঠ অসম ৰাজ্যিক কিক বক্সিং প্ৰতিযোগিতাৰ আদৰণি সমিতিৰ সভাপতি প্ৰমোদ কুমাৰ ৰাভা উপস্থিত থাকে ৷ বঁটা প্ৰদান অনুষ্ঠানৰ পাছতে এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয় ৷

About Staff Reporter

চাব পাৰে

শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ

*শিৱসাগৰত খেল ইণ্ডিয়াৰ অধীনত আন্তঃ প্ৰশিক্ষণ শিবিৰ ক্ৰীড়া প্ৰতিযোগিতাৰ শুভাৰম্ভ* ফাৰ্ষ্ট নিউজ , শিৱসাগৰ, ১০ …

Leave a Reply

Your email address will not be published. Required fields are marked *