Thursday , July 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বঙালী ৰেস্তোৰাঁ ৬ বলীগঞ্জ প্লেছে আৰম্ভ  ইলিছ ফেষ্টিভেল

বঙালী ৰেস্তোৰাঁ ৬ বলীগঞ্জ প্লেছে আৰম্ভ  ইলিছ ফেষ্টিভেল

ষ্টাফৰিপোৰ্টাৰ, ২৩আগষ্ট, খাদ্য ৰসিকৰ বাবে সুখবৰ। কিয়নো প্ৰতিবছৰৰ দৰে এইবাৰো গুৱাহাটীৰ জনপ্ৰিয় বঙালী ৰেস্তোৰাঁ ৬ বলীগঞ্জ প্লেছে আৰম্ভ কৰিব লৈছে ইলিছ ফেষ্টিভেল। বৃহস্পতি বাৰে ৰেস্তোৰাঁ খনত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰি ৰেস্তোৰাঁ খনৰ সঞ্চালক চেফ সুশান্ত সেনগুপ্তই কয় “এইবাৰ আমি কিছুমান ইলিছ মাছৰ নতুন ৰেচিপি লৈ আনিছোঁ। আমি সতেজ ইলিছ মাছ উপলব্ধ হোৱাৰ সময়তহে এই ফেষ্টিভেল অনুষ্ঠিত কৰোঁ।২৩ আগষ্টৰ পৰা ৯ ছেপ্টেম্বৰলৈ হবলগীয়া এই ফেষ্টিভেলৰ মেনুত আছে ক্ৰমে ইলিছ চাল কুমৰো ভাজা, ঢাকাই ভূনা ইলিছ, বাদামী ইলিছ,আদি। আনহাতে ৬ বলীগঞ্জ প্লেচৰ ফেষ্টিভেল মেনুত থকা আন খাদ্য বোৰ হৈছে আম তেল ইলিছ, পুৰভৰা মৰিছ ইলিছ, ইলিছ মাছৰ বিৰিয়ানী, কালজীৰা বাটা ইলিছ  লগতে থাকিব ইলিছ থালি যাৰ মূল্য ১,১০০ টকা যত থাকিব ইলিছৰ বিভিন্ন সম্ভাৰ যেনে ইলিছ মাছেৰ ডিম ভাজা, ইলিছ মাছৰ মাথা দিয়ে কচু শাক, ইলিছ মাছেৰে ৰোষ্ট আদি।  গুৱাহাটীত ২০১৫ চনত মুকলি হোৱা এই ৰেস্তোৰাঁ খনে বাঙালী খানাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। কলকাতাৰৰ ধ্বজাবাহি ৰেস্তোৰাঁ খনে কেইবাটাও প্ৰখ্যাত প্ৰতিষ্ঠানৰ পৰা সন্মান আৰু বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত লনলী প্লেনেত, নেচনেল জিঅ’ গ্ৰাফিক, আৰু বহুতো। এই ৰেস্তোৰাঁত ঋষি কাপুৰ, আশা ভোছলে, ছায়েৰা বানু, চান আদিকে ব্ৰেট লিকে ধৰি বহুতো গণ্য মান্য ব্যক্তিৰ পদৰ্পণ ঘটিছে। ই হৈছে ভাৰতৰ ৰিটেইল আউটলেত যিয়ে ইয়াৰ ঠিকনাতো পঞ্জীয়ন কৰিছে।

About Staff Reporter

চাব পাৰে

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান (ফটো)

মন্ত্ৰী ভবেশ কলিতাৰ ৰঙিয়াৰ বান বিধ্বস্ত অঞ্ছলত সাহায্য প্ৰদান৷

Leave a Reply

Your email address will not be published. Required fields are marked *