Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বজালীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

বজালীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

বজালীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ২৬ আগষ্টঃ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে সংগঠনটোৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। বৃহৎ নদীবান্ধ বন্ধ কৰাৰ লগতে অসমৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আজি পুৱা ১০ বজাৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক বিজন বায়ন, কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মণ্টু শৰ্মা, বজালী জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে মৃদুল তালুকদাৰ, লক্ষেশ্বৰ দাসৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ অন্তৰ্গত বহুকেইখন আঞ্চলিক সমিতিৰ সদস্যসকল উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *