Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বন্ধন গোটৰ মহিলাই নিলে ঋণ লোৱা মহিলাৰ গেছ চিলিণ্ডাৰ- চাউল: মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

বন্ধন গোটৰ মহিলাই নিলে ঋণ লোৱা মহিলাৰ গেছ চিলিণ্ডাৰ- চাউল: মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

মাইক্ৰ’ফাইনান্স কোম্পানীৰ বিৰোদ্ধে গৰজি উঠিল মহিলা: শিৱসাগৰত হাজাৰ হাজাৰ মহিলা ওলাল ৰাজপথলৈ: বন্ধন গোটৰ মহিলাই নিলে ঋণ লোৱা মহিলাৰ গেছ চিলিণ্ডাৰ- চাউল: মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

ফাৰ্ষ্ট নিউজ , শিৱসাগৰ , ৮ নৱেম্বৰ : শিৱসাগৰত ব্যক্তিগতখণ্ডৰ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰোদ্ধে ৰাজপথ উত্তাল

হাজাৰ হাজাৰ মহিলা ৰাজপথলৈ ওলাই আহিল মাইক্ৰ’ফাইনান্স কোম্পানীৰ বিৰুদ্ধে

বন্ধন কে ধৰি মাইক্ৰ’ফাইনাঞ্চ কোম্পানীয়ে অধিক হাৰত সুত লৈ গ্ৰাম্য মহিলাক লুন্ঠন চলোৱাৰ অভিযোগত শিৱসাগৰৰ ৰাজপথত মাইক্ৰ’ফাইনান্স কোম্পানী গ’ বেক ধ্বনি

মাইক্ৰ’ফাইনান্স কোম্পানীয়ে ঋণ প্ৰদানৰ নামত গ্ৰাম্য মহিলাক লুটাৰ অভিযোগ প্ৰতিবাদী মহিলাৰ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰো প্ৰতিবাদত সহযোগ

শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান প্ৰতিবাদকাৰীৰ

অন্ধপ্ৰদেশ চৰকাৰৰ দৰে অৰ্ডিনান্সৰ জৰিয়তে অসম চৰকাৰেও মাই্ৰ’ফাইনান্সৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্মাৰক পত্ৰত

মাইক্ৰ’ফাইনান্স কোম্পানীয়ে অসমৰ গাঁৱৰ অৰ্থনীতি ভাঙি পেলোৱা বুলি গুৰুতৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

কোম্পানীৰ ওচৰত অসমীয়া জাতিক মাইক্ৰ’ফাইনান্স কোম্পানীয়ে ধৰুৱা সজোৱা বুলি মন্তব্য প্ৰতিবাদকাৰীৰ

অতিশীঘ্ৰে মাইক্ৰ’ফাইনান্স কোম্পানীক নিয়ন্ত্ৰণৰ দাবী উত্থাপন

ইফালে মাইক্ৰ’ফাইনান্স কোম্পানী বন্ধনৰ বিৰুদ্ধে শিৱসাগৰ জিলা উপায়ুক্তক লিখিত অভিযোগ মহিলাৰ

শিমলুগুৰিৰ মনি বৰা নামৰ মহিলা গৰাকীয়ে দিছে এই অভিযোগ

বন্ধন গোটৰ মেনেজাৰৰ উচতনিত মনি বৰাৰ ঘৰৰ পৰা বন্ধন গোটে ঘৰৰ বয়বস্তু লুটি নিয়াৰ লিখিত অভিযোগ

বন্ধন গোটৰ লোন মাৰিব নোৱাৰাৰ বাবেই ঘৰত উপস্থিত নথকা সময়ত এইদৰে বন্ধন গোটৰ মহিলাই ঘৰৰ পৰা গেছৰ চিলিণ্ডাৰ, চাউল লুটি অনাৰ অভিযোগ মনি বৰাৰ

NBFC আৰু MFI বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে এইদৰে হাজাৰ হাজাৰ মহিলাই শিৱসাগৰৰ ৰাজপথ উত্তাল কৰা ঘটনাই গাঁও -ভূঞে চানি ধৰা মাইক্ৰ’ফাইনান্স কোম্পানী সমূহে যে গ্ৰাম্য মহিলাক ত্ৰাহি মধুসুদন দেখুৱাইছে, সেই কথাকে প্ৰতিপন্ন কৰিছে

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *