Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / মহানগৰ / বলিউডৰ তাৰকা অক্ষয় কুমাৰলৈ এখন ব্যতিক্ৰমী পেইণ্টিং উপহাৰ হিচাপে আগবঢ়ালে গুৱাহাটীৰ যুৱক ৰাহুল পাৰিকে

বলিউডৰ তাৰকা অক্ষয় কুমাৰলৈ এখন ব্যতিক্ৰমী পেইণ্টিং উপহাৰ হিচাপে আগবঢ়ালে গুৱাহাটীৰ যুৱক ৰাহুল পাৰিকে

 

ষ্টাফৰিপোৰ্টাৰ, ১৬ ফেব্ৰুৱাৰী : গুৱাহাটীত প্ৰথম বাৰৰ বাবে আয়োজন কৰা ৬৫ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠানত বলিউডৰ তাৰকা অক্ষয় কুমাৰ এক ব্যতিক্ৰমী উপহাৰ আগবঢ়ালে তেওঁৰ একান্ত অনুৰাগী গুৱাহাটীৰ যুৱক ৰাহুল
পাৰিকে। ৰাহুল পাৰিকে তেওঁৰ প্রিয় অভিনেতা গৰাকীক সৰুসজাইত অনুষ্ঠিত হোৱা ফিল্ম ফেয়াৰ এৱাৰ্ডৰ মূল মঞ্চৰ বাহিৰত এখন ব্যতিক্ৰমী পেইণ্টিং উপহাৰ হিচাপে প্ৰদান কৰে। এই সম্পৰ্কে ৰাহুল পাৰিকে সাংবাদমাধ্যমক কয় “মই ম’বাইল ফোনৰ যন্ত্ৰাংশৰে
আৰু পেপাৰ পেইন্টেৰে
সাজি উলিওৱা তেওঁৰ পেইণ্টিং খন আগবঢ়াও যদিও নিয়াৰ অসুবিধাৰ বাবে তেওঁ স্বাক্ষৰ কৰি সেইখন থৈ যায়। তাৰকা অভিনেতা গৰাকীক ওচৰৰ পৰা লগ পাই ভাল লাগিল। তেওঁক মই কিদৰে পেইণ্টিং খন সাজি উলিয়াইছোঁ তাৰ বৰ্ণনা কৰিলোঁ। তেওঁ অভিভূত হৈ পৰে।” ইয়াক লৈ ৰাহুল পাৰিক আৰু মাতৃ উৎসাহিত হৈ পৰে । উল্লেখ ইয়াৰ পূৰ্বেও ৰাহুল পাৰিকে টিম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদিৰো এনেদৰে ব্যতিক্ৰমী পেইণ্টিং আঁকি উপহাৰ হিচাপে আগবঢ়াইছিল।

About Staff Reporter

চাব পাৰে

শ্ববে-বৰাত” উপলক্ষে নামাজ আৰু কবৰ জিয়াৰত নিজ নিজ ঘৰৰ পৰাই কৰিবলৈ অনুৰোধ গুৱাহাটী কবৰস্থান কমিটিৰ

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: ৰাজ্য চৰকাৰৰ নিৰ্দেশ নং এইছ এল এ/ ২৪৮/২০২০/২৫/ ২৩/০৩/২০২০ মৰ্মে …

Leave a Reply

Your email address will not be published. Required fields are marked *