Friday , May 24 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বসন্তৰ আগমনৰ লগে লগে আখৰাত ব্যস্ত হৈছে চৰাইদেউ বিহু দল

বসন্তৰ আগমনৰ লগে লগে আখৰাত ব্যস্ত হৈছে চৰাইদেউ বিহু দল

 

অভিনেত্ৰী শ্যামন্তিকাৰ নাচোনে দিছে ব’হাগ অহাৰ বতৰা

প্ৰকৃতিৰ চিৰাচৰিত নিয়মানুসৰি আকৌ আহিল বসন্ত কাল। বসন্তৰ আগমনৰ লগে লগে গছে কুঁহিপাত মেলিলে। ঢোল-পেঁপাৰ মাতত মন উতলা হৈছে বিহুৱা ডেকা-জীয়ৰীৰ। সমান্তৰালকৈ ৰাজ্যত বলিছে নিৰ্বাচনী বতাহ। ব’হাগৰ উতনুৱা বতাহজাকৰ লগতে নিৰ্বাচনী বতাহজাকে বাৰুকৈয়ে চুই গৈছে ৰাজ্যখনত। এনে এটা পৰিবেশৰ মাজতে ঢোল-পেঁপাৰ মাতে ৰজনজনাইছে চৰাইদেউত। হয় ৰাজ্যৰ আন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বিহু দলসমূহ এতিয়া ব্যস্ত হৈছে বিহু আখৰাত। পিছ পৰি ৰোৱা নাই অসমৰ অন্যতম জনপ্ৰিয় চৰাইদেউ বিহু দল। মনকৰিবলগীয়া যে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে অসমৰ এটি নামজ্বলা বিহু দল চৰাইদেউ বিহু দলে।ৰূপালী জয়ন্তীবৰ্ষত ভৰি দিয়া এই দলটো এইবাৰ সাজু হৈছে বিহু মঞ্চত প্ৰদৰ্শনৰ বাবে । ইফালে ৰাষ্ট্ৰীয় পয‍্যাৰ্য়ৰ বিহুৱা ফিৰোজ কোৱঁৰৰ বলিষ্ঠ পৰিচালনাত ভূপেন বৰগোঁহাই কন্ঠ সমৃদ্ধ ৰে তথা খ‍্যাতনামা বিহুৱতীৰ সমাহাৰ আৰু নিভাঁজ বিহু নামৰ সুৰেৰে এইবাৰ মঞ্চত দেখিবলৈ পাব চৰাইদেউ বিহু দলক । লগতে এইবাৰ বিহু দলটোত দেখিবলৈ পাব সকলোৰে চিনাকি অসমৰ মোহময়ী অভিনেত্ৰী শ্যামন্তিকাক।ঢোলৰ গুমগুমনি আৰু মাকোৰ খিটখিটনিৰ সমাহাৰেৰে চেনেহৰ বিহুটিক আদৰিবলৈ এতিয়া প্ৰতিজন অসমীয়া এতিয়া ব্যস্ত হৈছে বিহু প্ৰস্তুতিত। নিৰ্বাচনী ব্যস্ততাৰ মাজতে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া ৰঙালীক আদৰিবলৈ একপ্ৰকাৰ মতলীয়া হৈ পৰিছে বিহুবলীয়া অসমীয়া জনসাধাৰণ । তেনে সময়তে অভিজ্ঞ প্ৰশিক্ষক তথা বিহুৱা ফিৰোজ কোৱঁৰৰ তত্বাৱধানত সম্প্ৰতি চৰাইদেউ জিলাৰ সদৰ সোণাৰিত বিহুৱা- বিহুৱতী সকলক প্ৰতিদিনেই প্ৰদান কৰা হৈছে বিহুনাচৰ প্ৰশিক্ষণ । বিহুক নিভাঁজ ৰূপত উপস্থাপন কৰাত মনোনিৱেশ কৰিছে প্ৰশিক্ষক তথা চৰাইদেউ বিহু দলৰ পৰিচালক ফিৰোজ কোৱঁৰে। কাৰণ এইবাৰ বিহু মঞ্চত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সলনি কেৱল প্ৰদৰ্শনৰ বাবে সাজু হৈছে চৰাইদেউ বিহু দল । সম্প্ৰতি শেষ পৰ্য্যায়ত উপনিত হোৱা চৰাইদেউ বিহু দলে বৰ্তমানে চলাই আছে বিহুৰ অন্তিম আখৰা । উল্লেখ্য যে ২৫টা বছৰে ভাৰতৰ বিভিন্ন প্ৰান্তত বিহু প্ৰৰ্দশন কৰি অহা চৰাইদেউ বিহু দলে ৰূপালী জয়ন্তী বৰ্ষত উপনীত হোৱাৰ সময়ত এই চৰাইদেউ বিহু দলে অসমৰ বিভিন্ন মঞ্চত বিহুক নিভাঁজ ৰূপত উপস্থাপন কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে । ইপিনে বসন্তৰ পাৰভঙা উছাহ তথা ৰঙীন পৰিবেশত জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকাৰ বিহু নাচ প্ৰত্যক্ষ কৰিবলৈ বিহুৰ আখৰাস্থলীত উবুৰি খাই পৰিছেহি স্থানীয় অঞ্চলবাসী ।

অভিজিৎ ভূঞা,চৰাইদেউ

About Staff Reporter

চাব পাৰে

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি : গোলাঘাট, ২৩ মে’ : ইতিমধ্যে গোলাঘাট সমষ্টিত …

Leave a Reply

Your email address will not be published. Required fields are marked *