Friday , May 24 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / বস্ত্ৰ ভবনত বায়ো মেট্ৰিক অটেণ্ডেন্স ডেভাইচ সংস্থাপন

বস্ত্ৰ ভবনত বায়ো মেট্ৰিক অটেণ্ডেন্স ডেভাইচ সংস্থাপন

 

ষ্টাফৰিপৰ্টাৰ, ১৪ মে’ : বস্ত্ৰ ভবনত থকা অসম চৰকাৰৰ হস্ত তাঁত গবেষণা আৰু চানেকি কেন্দ্ৰত ১৪ মে’ ত বিষয়া, কৰ্মচাৰী আৰু শিপিনী সকলৰ বাবে বায়ো মেট্ৰিক অটেণ্ডেন্স ডেভাইচ সংস্থাপন কৰা হয় l এই উপলক্ষে হোৱা এক চমু অনুষ্ঠানত উপস্থিত থাকি হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ সঞ্চলিকা কবিতা ডেকাই গবেষণা কেন্দ্ৰই লোৱা এই পদক্ষেপৰ শলাগ লয় আৰু ডিভাইচ তো আনুষ্ঠানিক ভাবে মুকলি কৰে l আধুনিক প্ৰযুক্তিৰ এই সংযোজনে কৰ্মচাৰী সকলৰ নিয়্মাবৰ্তিতা তথা কৰ্ম সংস্কৃতি গঢ়াত বিশেষ সহায় হব বুলি আশা প্ৰকাশ কৰে l লগতে সঞ্চলিকাই ‘দিনটোৰ নিৰ্বাচিত শব্দ’ শীৰ্ষক এক ফলকো উন্মোচন কৰে l সভাত বিভাগৰ অতিৰিক্ত সঞ্চালক এম. ৰহমান, উপসঞ্চালক জি. চৰকাৰ, আৰ. ডেকা, ডি. মজুমদাৰ আৰু জে. দাসেও অংশ গ্ৰহণ কৰে l আৰম্ভণিতে আটাইকে আদৰণি জনায় গবেষণা কেন্দ্ৰৰ মুৰব্বী ড. জয়ন্ত দেব শৰ্মাই l

About Staff Reporter

চাব পাৰে

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি

পঞ্চম ৰাউণ্ডত গোলাঘাট সমষ্টিত গৌৰৱ গগৈৰ অগ্ৰগতি : গোলাঘাট, ২৩ মে’ : ইতিমধ্যে গোলাঘাট সমষ্টিত …

Leave a Reply

Your email address will not be published. Required fields are marked *